ৰহস্যময়-ৰজনী কুমাৰ ডেকা

Rinku Rajowar
0
ভালপাওঁ মই মানুহৰ সমাজ,
পৃথিৱীলৈ কাহানিও নাহক
জনশূণ্য অন্ধকাৰ ৷
ভয়নো কিহৰ ?
যদি লক্ষ্য মোৰ সঁচা পথৰ ,
অটল বিশ্বাস আছে মোৰ ,
জীৱনৰ  আউল লগা পথত ৷
তথাপিতো ভয় লাগে মোৰ ,
ভিন্ন জনৰ ভিন্ন প্ৰশ্নক ,
মই যেন অবাক আৰু অনন্যা ৷
এবুকু পোহৰ থাকিও যেন
মোৰ বাবে  পৃথিৱীখন  কিয় অন্ধকাৰ ?
বিধাতাৰ কাৰাগাৰে সজালে মোক
মানুহৰ সমাজত এক কলংকৰ ৷
জীৱনৰ নিখিল সময়ে কৰে 
জীয়াই থকাৰ কত যুঁজ ,
মস্তিস্কৰ প্ৰজ্ঞানে দিয়ে  মোক
অখিল অবুজ ৷
তথাপিতো ভালপাওঁ মানুহৰ সমাজ ৷
ৰাতিৰ এন্ধাৰত জোনে বাৰু 
কিনো দুখ সহে ?
আশাৰ চাকিগচিও তেনেই জয় পৰে ৷
অনুতপ্ত জাগে মনত শিকলিয়ে 
বেঢ়িলে 
যেতিয়া জীৱনৰ অৰ্থ কি বুলি 
চিঞৰিলে ৷ 
ৰহস্যময় জীৱনৰ এক অনাদৰ অভিনয় ,
তথাপি ভাল পাওঁ মই মানুহৰ 
সমাজ ৷

               
📌ৰজনী কুমাৰ ডেকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)