কঢ়িয়াই মেটমৰা ভাৰ কৰ্তব্যৰ ,
উৰুৱাই ধূলি সুখ-দুখৰ,
জীৱন নাটৰ ভাওনাত বিচাৰিলো
সোণোৱালী ৰ'দালি নৱ প্ৰভাতৰ ।
জীৱনৰ কলাজ আঁকি আঁকি
ভাগৰুৱা হয় কলমৰ গতি,
সোঁৱৰণিৰ নাওৰে যায় ভটিয়াই,
ৰিণিকি বাজে চিনাকী গানৰ কলিটি
বিস্মৃতিৰ অটল গৰ্ভলৈ বুলি ।
ঘৰমুৱা পখীয়ে আঁকে শূণ্যত কিবা ছবি
পদূলিত থকা বকুল জোপাত ভৰ দি
নি:শব্দে নীৰৱে পাৰ হয় তৰুণ সময় খিনি,
যান্ত্ৰিকতাৰ মাজত হয় জীৱন বন্দী
মনৰ আকাশত জ্বলে ৰামধেনুৰ সাতোৰঙী ছবি ।
দুখৰ হুমুনিয়াহ নিয়ৰ হৈ জ্বলে দূবৰিত
তৰাবোৰে লুকাই বেদনাৰ নদীত,
বতাহে কয় , এতিয়া যে ধূসৰ আবেলি !
ক্লান্ত হয় সময়ৰ গতি ।
📌আজমত আলী
কামৰূপ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ