বিচাৰিলেই পাম জানো
এখন স্বচ্ছ মুখ ?
অন্যায়---ব্যভিচাৰত
ৰুগ্ন সমাজ,
পাপৰ নগ্নতাই
ছানিছে চতুৰ্দিশ,
ধ্বংসৰ তাণ্ডৱ নৃত্যত
অসহায় মানৱতা।
সভ্যতাৰ দ্ৰুত অৱক্ষয় !
ৰোগাক্ৰান্ত পৃথিৱীত
অধৰ্মৰ ৰণ-শিঙা !
দুৰাচাৰীৰ বিজয় উল্লাস --।
এতিয়া মৰ আঁউসী !
চৌদিশে আন্ধাৰৰ কিৰিলি,
বলীৰ ৰাজ্যত
দুৰ্বলীৰ আৰণ্যক বিননি--!
ব্যৰ্থ চেষ্টাত হাবাথুৰি খাওঁ
আন্ধাৰত এখন স্বচ্ছ মুখ বিচাৰি ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ