ভাল পোৱা নে বাৰু তুমি বৰষুণজাক••নৱজিৎ নাথ

@admin
0
এইজাক অভিমানী বৰষুণৰ 
প্ৰতিটো টোপাল হয়তো
তুমি নিশ্চয় ভাল পোৱা ....! 
ফাগুনৰ উন্মাদ মাদলৰ মাজত,
বসন্তৰ আগমনৰ সেউজীয়া ক্ষণত ।
 
বিৰিখৰ প্ৰতিটো পাতে পাতে, 
নিগৰি অহা বৰষুণৰ টোপালবোৰ,
এইজাক অভিমানী বৰষুণৰ  
মাজত সদায় লুকাই আছে,
 এজাক মিঠা শিহৰণৰ বতৰা আৰু 
 এটি মায়াসনা আবেগৰ টুকুৰাবোৰ।

 এই বিশেষ অপেক্ষাৰ বৰষুণজাক
 সঁচাকৈ মোৰো সদায় অতি প্ৰিয় ।
জীৱনৰ উকা এখিলা হৃদয়ত, 
এখনি নতুন ৰঙীন ছবিৰ আভাৰে
এজাক শিহৰণৰ মিঠা এটি বোল  
আঁকিবলৈ সদায় শিকায় মাথোঁ।

এইজাক বৰষুণ  সঁচাকৈ,
মোৰ অতিকে প্ৰিয় মাথোঁ।
যেতিয়া মোৰ অশান্ত সাগৰত
জীৱনৰ স্বপ্নৰ এমুঠি বাট বিচাৰি 
দি্ক বিদি্ক হেৰুৱাৰ  ক্ষণত,
এই বৰষুণজাকে সদায় 
এমুঠি প্ৰশান্তৰ মধুৰ সম্ভাৰ 
বুটলিবলৈ  শিকায় যায় ।

এইজাক বৰষুণ সঁচাকৈ,
মোৰো  সদায় অতিকে প্ৰিয় ।
এটোপ এটোপ নিয়ৰৰ শুভ কণিকাৰে 
এজাক নিগ্ব বৰষুণৰ টোপালত ।
মনৰ হেঁপাহত এমুঠি আবেগ ঢালি
হৃদয়ৰ মাজত প্ৰাণৰে জীপাল হৈ,
মুক্ত মনেৰে নাচিবলৈ আনন্দ 
 ল'বলৈ সদায় শিকায় যায় ।
 
এইজাক অভিমানী বৰষুণে সদায়
এখন হৃদয়ৰ দলিচাৰ মাজত, 
চিক্‌ মিক্ বৰষুণৰে ভৰা আবেগত,
এখনি বগা বগা আবৰনৰ 
এখনি বিশাল চাদৰ পাৰি,
এক নতুন সেউজীয়া সপোন‌ 
ৰচিবলৈ সদায় শিকায় যায়।।

✍️নৱজিৎ নাথ।
 ছিপাঝাৰ ,দৰং ...

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)