বিষাদ সিক্ত
এটি নৈৰ কবিতা
মানৱ জীৱনৰ
বিড়ম্বনাৰ।
সময়ৰ,
বাটে পথে
কাইটিয়া বেৰ
বিষাদৰ।
দুঃসময় আহে,
কাল অতিথিৰ দৰে
দুঃখৰ স'তে
সময়ে- সময়ে
জীৱনৰ বাটত
ৰয় এটি সাঁথৰ হৈ।
দুঃসময়ত,
অসহ্য বেদনা আহে
জীৱনৰ বাটত
যন্ত্ৰণাৰ মাজত
দুঃস্বপ্ন হৈ।
দুঃসময়ে আনে,
কাল ধুমুহা
আৰু মৃত্যুৰ গন্ধ
মাজে সময়ে
পুত্ৰ নাইবা মাতৃৰ
ভগ্ন হৃদয়ৰ ক্ৰন্দন।
সময় কতো নৰয়,
কাল বা ভালেই হ'ক
যেন কালদিয়া নদী
বাৰিষা কিম্বা খৰালিয়ে হওক
ঘড়ীৰ কাটাৰ মাজত আবদ্ধ সময়
সুখ কিম্বা দুখেই হওক.....।।
📌 প্ৰাণজিৎ দাস।
বাস্কা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ