অচিনাকি•• মাৰ্জিনা বেগম

Rinku Rajowar
0
অজস্ৰ চিনাকি মুখৰ ভিৰত
মনৰ গভীৰত সোমাই
চিনিব পাৰিছা নে
প্ৰকৃত চিনাকি কোন ?
প্ৰিয় মানুহ  প্ৰয়োজনত
অপ্ৰিয় হ'ল  সময় শেষত ,
চিনাকি মুখাৰ আঁৰত
কেৱল অচিনাকিৰ কোলাহল ।
প্ৰাণৰ ঠিকনাটি
উজাৰি দিয়া হ'ল যাক
 নাজানি নুবুজি
তেওঁ যে নাছিল কাহানিও ।
তথাপিও ধৰিব নোৱাৰি 
ৰংচঙীয়া মুখাৰ আঁৰত
 লুকাই থকা মুখখন  
কিমান অচিনাকি!!

📌 মাৰ্জিনা বেগম
     বৰপেটা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)