সুখ আৰু সুখৰ অনুভৱ-জ্যোতিষ্ক বৰুৱা

Rinku Rajowar
0
অনাকাংশিত ভাৱে আহি পৰা বাধাবোৰে জীৱনৰ পোৱা নোপোৱাবোৰ মাজত কেতিয়াৱা ভাৱিব নোৱাৰাকৈয়ে মানুহৰ মনত আউল লগায় ৷ হয়তো কোনোবাখিনিত খোকোজা মাৰি ৰৈ যাৱ লগীয়া হয় নিজৰেই অজানিতে নভৱা বোৰৰ মাজত সোমাই নিজক বিচাৰি বাট বুলিৱলৈ লোৱা সেই সময়কন তেতিয়া সঁচাকৈয়ে বহু জনৰ নাযায় নুপুৱাই ৷ আটাইতকৈ হাঁহি থকা মানুহজনৰে কেতিয়াৱা দুখ-বেদনা বেচি  কাৰণ আনৰ আগত জীৱনৰ ব্যৰ্থতাবোৰ আৰু দুখ-বেদনাবোৰ ধৰা পৰা ভয়ত নতুৱা ঢাকি ৰখাৰ প্ৰয়াসত জোৰ কৰিয়েই হাঁহি-আনন্দৰ অভিনয় কৰি যাৱ লগা হয় ----"যেন সংসাৰত আটাইতকৈ সুখী মানুহ তেওঁহে" ,নিখুঁততাৰ বসন পিন্ধি ভাও ধৰা চৰিত্ৰটো কোনোবা নাটকত অভিনয় কৰা হ'লে তেওঁ যেন বঁটা পালেহেতেন ৷ আচলতে তেওঁ যেন তেনেকৈয়ে সুখী,তাৰ মাজতে তেনেকৈয়ে জীৱনটোৰ লগত সুখী কৰি ৰাখিৱ পাৰে  ;  অভিনয় কৰি অভ্যাসত পৰিণত হোৱা সুখ ,যেন ইয়াত কোনো কৃত্ৰিমতা বা ভেজাঁলতা নাই ৷ তেওঁ তেনেকৈয়ে সুখী হৱ জানে, বিচাৰি বিচাৰি তাতেই সুখকন বুটলি পায় ৷ সঁচা কথা কৱলৈ গলে জীৱন মানেই যেন নাটঘৰ ৷    সমাজত সকলোৱে নিজক লৈ সুখী হৱ পৰাটোহে পৰম সুখৰ মাদকতা ৷ নোপোৱা খিনিক লৈ দুখ কৰি থকাতকৈ পোৱা খিনিৰ মাজত নিজকে সুখী কৰি ৰাখিৱ পৰাটোহে আচল কথা ৷ পোৱা খিনিৰ মাজত যেন সুখী হৱ নজনা বা নোৱাৰাটোহে হয়তো জীৱনৰ চৰম দুৰ্ভাগ্য ৷ নিজকে তৃপ্ততা, ৰুচিবোধ আৰু সন্তুষ্টিৰ মাজত অৱস্থান কৰি ৰাখিৱ নোৱাৰাটোও মানুহৰ এক নিজৰেই বিফলতা ৷ যিয়েই মনৰ অশান্তিৰ মূল আৰু সেই অশান্তিয়েই দুখলৈ পৰিণত হৱলৈ বেচিপৰ নালাগে ৷ বৰ্তমানত যিহক লৈ ওপভোগ কৰিৱলৈ পাই সুখী হৱ নোৱাৰা ব্যক্তিয়ে সমস্ত জগতৰ সুখ কাষত পালেও কোনো কালে সুখী হৱ নোৱাৰে ৷ সুখ কাষত পালেও কোনো কালে সুখী হৱ নোৱাৰে ৷

✍🏾জ্যোতিষ্ক বৰুৱা
নামৰূপ/অসম
মোৱাইল নং:-৯৩৬৫০০৮৩৪৩

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)