মৃত্যুমুখী অসমীয়াক
দিলাহি প্ৰাণ
কৃষ্টিত সৃষ্টি
তোমাৰ ক'ত অৱদান
অসমীয়া ভাষাৰ দিলাহি প্ৰাণত
কীৰ্ত্তন দশম গুণমালা ৰচিলা
ৰচিলা অংকীয়া নাট
আৰু ভটিমা
সাজি লৈ সত্ৰ
আৰু ৰচিলা বৰগীত
সত্ৰীয়া নৃত্য খোল তোমাৰেই সৃষ্টি
হৰি গুণ নামেই বৈকুণ্ঠৰ ধামে
চৈধ্য প্ৰসংগ কৰিলা
ভকত বৃন্দে
গুৰু হে গুৰু
আমাৰ শংকৰদেৱ
তুমিয়েই চৈধ্য শাস্ত্ৰ কৰিলা পাঠ
বাৰ বছৰ কাল যে ভ্ৰমিলা দেশ
লভিলা কত ধৰ্ম জ্ঞান
বেদ বেদান্ত
বৈষ্ণৱ ধৰ্ম
মনুষ্য মাজে প্ৰচাৰিলা
এক দেৱ এক সেৱ ধৰ্মৰ জ্ঞান
তুমি বিনে নাই আমাৰ ধৰ্ম গুৰু
এন্ধাৰ আঁতৰাই যেনি
মনুষ্য মাজে
ধৰ্মৰ জ্ঞান
তুমিয়ে দিলাহি বিলাই
গুৰু মোৰ অ' গুৰু শংকৰদেৱ ----!!
📌নিপু কুমাৰ দাস
কাজিপাৰা,নলবাৰী ৭০০২৩২৭৮০৫
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ