শৰতৰ আগজাননীত গীত জুৰিছে,,,
নিয়ৰফুলা নিশাৰ জোনাক সৰিছে,
এপাঁহি দুপাঁহিকৈ শেৱালি ফুলিছে,,,
নিয়ৰৰ সৈতে শেৱালিবোৰে চুপতি মাৰিছে,
সোণোৱালী পথাৰে ৰিঙিয়াই হাত বুলাই মাতিছে,,,
নৈৰ কাষত পছোৱা বলিছে,
হালিছে জালিছে কহুৱাবোৰ
নিয়ৰৰ টুপ টুপ শব্দই,
প্ৰকৃতিখন জগাই তুলিছে,,,
শৰতৰ পূৰ্ণিমাৰ নিশা
মুকুতা মণিৰ দৰে জিলিকি উঠিছে,,,
শৰতৰ মনোৰম প্ৰকৃতিখনিত
বিলিন হ'ব মন যায়,
শৰতৰ কুঁৱলী ফালি
দুৱৰিৰ দলিচা খনিত,,,,।।
✍️পাপৰি দাস।
বৰপেটা ছোৱালী মহাবিদ্যালয়,বৰপেটা।
(স্নাতক তৃতীয় ষান্মাসিক)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ