শৰৎ সুধিছোঁ‌ তোমাক••অনন্ত কুমাৰ ভূঞা

@admin
0
শৰৎ সুধিছোঁ‌ তোমাক
কি দৰে কবিতা লিখিম
কৈ দিম কৈ দিম লাগে
কিয় ভাল পাওঁ‌  
ঋতুৰাণী শৰৎ তোমাক
শ্যামেলী শৰৎ তোমাক !
কি দৰে বুজাম  
কি দৰে অনুভৱ বিলাম
ভাল পাওঁ‌ বুলি ক'বলৈ 
কিয় মন যায় মোৰ ! 
তুমি শাৰদীৰাণী
স্নিগ্ধ জোনাকত বহি
কি শব্দৰে কবিতা লিখিম ! 
ৰিক্ত বেদনাই লোটক নিগৰায়
সিক্ত বাসনাই মন নিচুকায়  ,
নিয়ৰ সৰা পুৱতি নিশা
অপৰূপা বসনা পিন্ধা  
গাভিনী পথাৰ সেউজীয়া কৰা
তুমি ঋতুৰাণী শৰৎ ?
জোনাক সৰা সন্ধ্যা
ঠুনুকা হৃদয়
আবেগেৰে ধুৱাই দিয়া 
মধুৰ ক্ষণৰ প্ৰণয় ।
শেৱালি সৰা লাজুকী সময় 
কৈ দিম কৈ দিম লাগে
শৰৎ ভাল পাওঁ‌ তোমাক ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)