হে নমঃ গুৰু- শেৱালী গড়

©Admin
0
তুমি লিখা কিতাপৰ 
একো -একো পৃষ্ঠাৰ, সুবাসেৰে নিগৰি সৰা 
ৰসসনা মালা তুমি। 

প্ৰকাশিত কলিজাৰ পৃষ্ঠাত
তুলসী জোপাৰ তলে, 
জ্ঞানৰ বন্তি এগচি হৈ
চৌপাশে বিলোৱা
জ্ঞানৰ খনিকৰ তুমি। 

শান্ত প্ৰবৃত্তিৰ
শব্দবিহীন, ভাষাবিহীন
মাটিৰ ঘহনীৰে ঘহা
গঢ়া কলহৰ দ্ৰষ্টা তুমি। 

অন্ধকাৰৰ দুৱাৰৰ তলিত 
জ্ঞানৰ ধুমুহাক দুবাহু সাৱটি, 
অজ্ঞানতাৰ প্ৰাচীৰ ভাঙি
তুমি গঢ়া সুন্দৰ ভৱিষ্যতৰ
একমাত্ৰ ৰচিকা তুমি। 

হে চিৰ নমঃ গুৰু
তোমাক নতশিৰে জনাওঁ প্ৰনাম।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)