দাসত্ব বন্ধনৰ মুক্ত অধিকাৰ-অনন্ত কুমাৰ ভূঞা

Rinku Rajowar
0
তই দেশৰ ডেকাবন্ধু
দাসত্বৰ বিৰুদ্ধে গৰ্জি উঠা 
সূৰ্যসম তেজাল নক্ষত্ৰ ,
গগন কঁ‌পি উঠা প্ৰতিবাদী কণ্ঠ
প্ৰবাহিত ক্ষোভৰ এটি ধাৰা
তেজশ্ৰী  তীব্ৰ গতিবেগ 
মুষলধাৰে অহা এজাক বৰষুণ ।
তই ৰক্তবীজৰ সন্তান 
শৌৰ্য্য বীৰ্য্যৰ শক্তিধৰ বজ্ৰকণ্ঠৰ গীতিকাৰ 
বিপ্লৱী বীৰ তোৰ উচ্চশিৰ,
আমি সহযাত্ৰী এই সংগ্ৰামৰ
অনল জ্বলি উঠে 
বিজয় ধ্বজা সন্মুখত লৈ,
অশ্বশক্তিৰে শক্তিমান
দৃঢ় সংকল্পৰে মূৰ্তিমান
তই অক্লান্ত ৰণুৱা সিংহ নিনাদ তোৰ
সাতামপুৰুষীয়া ঐতিহ্যৰ প্ৰেৰণাত
নৈবেদ্যৰ ভড়াল উদং হোৱা নাই ।
জাগি উঠ দেশৰ জনতা
ৰণৰ ৰণুৱা জাতিৰ বনুৱা 
খৰাঙত শুকালৈ নিদিবি মন
ডুব যাবলৈ নিদিবি সংগ্ৰামৰ চেতনা
প্ৰজ্বলিত প্ৰদীপ নপৰে ম্লান ,
উচন হোৱা নাই ভেটিমাটি  
খেতিৰ মাটি বন্ধকত দিয়া নাই  । 
গৌৰৱৰ ইতিহাস লিখা আছে 
চহকী ঐতিহ্য নিঃশেষ হব নোৱাৰে ,
বন্ধকত নাযায় মাটি ভেটি
অপৰাধ মুক্ত এই জাতি 
তৰিৎ গতিৰে শুকাই কলংকিত দাগ
দেশৰ মাটিত সাব্যস্ত অধিকাৰ
এইয়াই দৃঢ় প্ৰতিবাদ  মহাসংগ্ৰামৰ ।


📌অনন্ত কুমাৰ ভূঞা


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)