ওৰণিখন মূৰত লৈ,
ন-কইনা জনী হৈ আহিছে 'ঋতুৰাণী'
শৰতৰ পৱিত্ৰ হৃদয়লৈ।
প্ৰকৃতিৰ এই বিনন্দীয়া ৰূপত,
শৰতৰ অমৰ প্ৰেমৰ
আলিঙ্গনৰ মিঠা পৰশে
ৰূপৱতী ঋতু হয় চঞ্চলা।
তেতিয়া মনে উৰা মাৰে,
নিৰ্মল নীলাভ আকাশত শ্বেত মেঘালীৰ
পাখি লগা গঙ্গা চিলনী হৈ।
আকৌ শৰৎ প্ৰিয়তমে,
দুৱৰি বনৰ হৰিৎ প্ৰান্তৰ পৰা
নিয়ৰৰ মুকুতা বুটলি বুটলি
গাঁথে, প্ৰিয়ালৈ প্ৰতিটো পুৱা
মুকুতাৰ মালাৰ প্ৰীতি উপহাৰ।
আৰু গুজি দিয়ে সেউজী খোপাত,
হেপাহ পলুৱাই শুভ্ৰ কঁহুৱা ফুলা।
শৰৎ ঋতুৰ এই প্ৰশান্ত প্ৰণয়ৰ প্ৰভাত প্ৰতিষ্ঠা দেখি,
উত্তাপৰ পৰা ৰ'দেও হয় শীতল।
ৰুদ্ৰ মূৰ্তি ধাৰণ কৰা,
বৰষাৰ লুইতেও হয় শান্ত।
বিজুলী ঢেৰেকনিৰ বৰ্ষা বাদল,
শৰৎ- ঋতুৰ ৰূপত হয় নিঃশব্দ।
শৰতৰ এই মাধুৰ্য ৰূপত,
বিবিধ চৰাইয়ে আনন্দত
বিবিধ মাতেৰে ৰচনা কৰে
শৰৎ- ঋতুৰাণীৰ বিচিত্ৰ
অনান্য ৰূপৰ প্ৰেম গাঁথা।।
✍️ প্ৰাণজিৎ দাস।
ম'বাইল নং= ৯৩৬৫৭২৪১৫৫
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ