শাৰদী ৰাণী ••ৰজনী কুমাৰ ডেকা

Rinku Rajowar
0
তুমি  আহিবা মোৰ  ওপজা 
প্ৰান্তৰলৈ  ,
 সুন্দৰ ,সুবিমল প্ৰকৃতিখন 
আকৌ পোহৰাবলৈ ৷
মোৰ দুবাহুৰে  তোমাক সাদৰি  লম ,
মোৰ হৃদয়ৰ আঁৰে-আঁৰে  তোমাক 
স্মৃতি কৰি ৰাখিম  প্ৰানৰ পুতলা
হৈ জিলিকিবা  তুমি  ৷
তুমি বাৰু বুজিবানে , তুমি বাৰু
শুনিবানে মোৰ  হৃদয়ৰ অন্তৰংগ 
মিঠা -মিঠা  কবিতা বোৰ ,
মোৰ মনৰ দলিচা খনত তোমাৰ 
স্বাগতমে  অনাবিল আনন্দিত 
কৰি ৰাখে ৷ তোমাৰ আভাৰে 
মনৰ বাগিচাত জিৰ জিৰ কৈ
বৈ আহে সুললিত শব্দ বোৰ ৷তুমি ঐশ্বৰ্য ,তুমি মমতা , তুমি মায়াবিনী,
শৰতৰ শাৰদী ৰাণী  ৷ 

               ✍️ৰজনী কুমাৰ ডেকা  
                          ৰঙিয়া  ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)