মোক বাৰে বাৰে উচুপাই থৈ
গুছি যায় ক্ষন্তেকৰ বাবে দূৰলৈ
পাই অহা বিষাদবোৰে
অভিমানী হৃদয়ক বাৰুকৈয়ে আঘাত দিয়ে।
মৰমবোৰ আধৰুৱা হৈ ৰ’ল
সপোনবোৰো আধাতে মৰহি গ'ল
জীৱনৰ মাজ মজিয়াত থমকি ৰওঁ
তোমাৰ অবিহনে আশাবোৰ সামৰি থওঁ।
তোমাৰ ছায়াত ডাঙৰ হ'বলৈ নাপালোঁ
তোমাৰ মৰমবোৰো সৰুতে হেৰুৱালোঁ
তোমালৈ মনত পৰিলে দুচকুৰ
সন্মুখত একোৱেই নেদেখোঁ
তুমি কিয় গুছি গলা অ’ দেউতা
আমাক অকলশৰীয়া কৰি থৈ
বাৰীৰ এচুকৰ তোমাৰ
সেউজীয়াৰে ভৰা মৰিশালিটো দেখি
মোৰো তোমাৰ ওচৰলৈ যাবলৈ মন যায়।
✍️দিপশিখা(অভিমানী পিউ)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ