ঋতুৰানী শৰৎ••নৱজিৎ নাথ

Rinku Rajowar
0
শৰৎ মানেই,
বৰ্ষা প্লাৱন সোঁতৰ অন্তৰত,
ধৰাৰ বকুলৈ  নামি অহা 
এটি নষ্টালজিক অনুভৱৰ 
এক অফুৰন্ত ভাণ্ডাৰৰ বতৰা।।

শৰৎ মানেই,
 এটুকুৰা ডাৱৰৰ পৰা নামি অহা ,
নিসৰসিক্ত ভৰা এক কণিকাৰ 
এটোপ এটোপ টোপালৰ বিননি।।

শৰৎ মানেই,
আহিনৰ মাহৰ নিয়ৰসনা 
এটি গধূলিৰ সুবাসত থমকি, 
ৰোৱা আহিনৰ এটি আবেলিত।।
সেই চাতিয়না আৰু শেৱালীৰ সুগন্ধৰ
এখনি মায়াসনা বিশাল দলিছা ।।

শৰৎ মানেই,
শস্য সম্ভাৰৰ বিস্তীৰ্ণৰে ভৰপুৰ 
এখনি সোনবৰণীয়া বিশাল পৃথিৱী।।
য'ত লুকাই থাকে প্ৰতিগৰাকী কৃষকৰ
এমুঠি আশাৰ এক সোণালী সপোন।।

শৰৎ মানেই,
নৈ পাৰৰ দাঁতিত 
কঁহুৱাৰ কোমল  স্নিগ্ধতা ।।
এযোৰ শুভ বগা সাজ পিন্ধি
নিজকে আপোন পহৰা হোৱা।
সেই মিঠা চঞ্চলা বতাহ জাকে
সুঁহুৰি বজাই জোকাই যোৱা, 
আলফুলীয়া এজাক কহুৱাৰ বিননি।।

শৰৎ মানেই,
এটুকুৰা আলসুৱা মেঘ টোপাল।
 সেই বাবিষাৰ উম্লাদ কলীয়া ডাৱৰক
 আতৰাই শৰতত আকাশখনো হয়, 
 প্ৰকৃততে এক পবিত্ৰ আৰু উজ্জ্বল।
 যেনেই চাই চৌদিশে কেৱল মাথোঁ,
 নীলা আৰু নীলা ৰঙৰে  আৱৰা
 এখন বিশাল নীলিম পৃথিৱী।।

 শৰৎ মানেই,
নিৰ্মল এক জলৰাশিত জীপাল কৰা ,
পদুম আৰু ভেঁট ফুলৰ আৱৰা
এখনি বাৰেবৰনীয়া এখনি পৃথিৱী।
লগতে,মন দূৰ -দিগন্ত লৈ উৰি যোৱা,
সেই শৰালিৰ কিম্বা বনহংসৰ চৰাইৰ 
এক কিছিৰ মিছিৰ শব্দৰ  বিননি।।

শৰৎ মানেই, 
উৎসৱ এক মধুৰ বতৰা,
শাৰদীয় দুৰ্গোৎসৱৰ সময়ত দেৱীৰ
বন্দনাই চৌদিশে মুখৰিত হৈ পৰে।।
হাজাৰ সমস্যাকো পাহৰি ব্যস্ত হয়,
 উৎসৱৰ এক মধুৰ আয়োজনত।।

শৰৎ মানেই,
প্ৰচণ্ড গ্ৰীষ্মৰ দিনৰ 
সেই আলসতা দূৰ কৰি ,
শৰৎ প্ৰতিবাৰে আনে শীতলতা।।
 প্ৰকৃতিৰ মনোমোহা এটি ৰূপৰে আনে 
 এক প্ৰাপ্তিৰ অনাবিল আনন্দ‌।।
  
শৰৎ প্ৰতিবাৰে সদায় আহিব 
আৰু গুছি যাব ,দি যায়।
ভালপোৱাৰ অফুৰন্ত এক মৰম।
প্ৰাণ চঞ্চলা এটি মিঠা হাঁহি।।
প্ৰতিজন অসমীয়াৰ অন্তৰত আনে
  সেউজীয়া সজীৱতাৰ এক সম্ভাৰ।।

✍️নৱজিৎ নাথ। ছিপাঝাৰ, (দৰং)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)