আপোন, মোৰ যেন বন- বননি
বিৰহৰ গীত জুৰি এই বনত
ফুৰিছোঁ অনাই বনাই ঘূৰি
উৰিছোঁ মই ডৌকা কোবাই ------
হাবিৰ সেউজী গছ-লতিকা
জীয়া জীৱনৰ ঠিকনা
ইয়াতে আপোন সুৰ বিচাৰি
হৈছোঁ মাথোঁ আত্মাহাড়া
হেঁপাহৰ আছুতীয়া ৰং-বোলাই
মানুহৰ মাজতো আছোঁ মই
সুখৰ সংজ্ঞা বিচাৰি
মানুহ মোৰ যেন অতি আপোন
স্মৃতি যেন ৰোমন্থন কৰি
বনৰ মাজতে আছোঁ যেনিবা ।
দেখি শুনি গোন্ধ লোৱা
বনৰ বনৰীয়া চৰাই হৈ মই
নানান পুষ্প পাৰিজাত
যেন এইখনি স্বৰ্গৰ নন্দন কানন
বিৰহত জুৰিছোঁ সুৰৰ মূৰ্চনা ।
✍️কাজিপাৰা,নলবাৰী
৭০০২৩২৭৮০৫
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ