একেখিনি হাৱা-পানী খাই
আমি আছোঁ জীয়াই।
শৰীৰত বহন কৰিছোঁ
একেই ৰঙা তেজ।
দুদিনীয়া জীৱন
আজি আছোঁ কাইলৈ নাই।
তেনে কিয় ইমান অহংকাৰ ?
কিয় ইমান বিভেদ ?
কি ধনী কি দুখীয়া
সমাজখনতো সকলোৰে বাবে।
পুৰুষ,নাৰী সকলো সমান
সমাজ গঠনত
সকলোৰে আছে সমান অৰিহণা।
উচ্চ-নীচ,ধৰ্মীয় বৈষম্যক
কেতিয়াও দিব নালাগে ঠাই।
তেতিয়াহে সকলোৱে মিলি
গঢ়িব পাৰিম
এখন আকাংক্ষিত সমাজ--!
আগবাঢ়ি যাব পাৰিম
হাতে হাত ধৰি,
মুক্ত কণ্ঠে ক'ব পাৰিম
এইখন মানুহৰ সমাজ
ইয়াত কোনো ভেদা-ভেদ নাই।
কোনেও যাতে প্ৰশ্ন তুলিব নোৱাৰে
সমাজখন কাৰ বাবে বুলি...।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ