সমন্বয়ৰ আৰু একতাৰে গঢ়িব খোজা সভ্যতা সংস্কৃতিৰ যুঁজখনত ধৰ্মৰ নামত যুদ্ধত অৱতীৰ্ণ হৈ জাতি, বৰ্ণ, ভাষাৰ যুদ্ধৰ হে তুংগত উঠিল ৷
হিন্দুত্ববাদৰ গভীৰতাৰ দৰ্শন নুবুজি ভাৰতীয় মূলৰ আধাৰ সূত্ৰ বিচাৰ বিশ্লেষণ নকৰি ধৰ্মৰ নামত দেশ বিভাজন কৰি শেষত ধৰ্ম, জাতি, ভাষা, বৰ্ণবাদৰ নীতিৰ দোহাই দি আমাৰ মাজত বিভেদতা আনি সংবিধানক নাম মাত্ৰ সাক্ষী কৰি যেন প্ৰতিজন ভাৰতীয় নাগৰিকক এক বৃহৎ ইন্দ্ৰজালৰ মায়াত আৱদ্ধ কৰি মাজত ধৰ্মনিৰপেক্ষতাৰ বীজ ৰোপন কৰি এচামে মাত্ৰ পৰিয়ালবাদৰ ৰাজনীতি আৰু বংশানুক্ৰমিক শাসনৰ কু-চক্ৰান্তৰে অভিসন্ধি কৰি দেশৰ অখণ্ডতা নাশ কৰাৰ লগতে জনসাধাৰণক বিপথে পৰিচালনা কৰিছে। ইয়াৰ পৰিণতিত স্বাধীনতাৰ পিছৰ পৰাই উন্নয়নৰ দিশত দেশ যিমান আগবাঢ়িব লাগিছিল, সিমান আগবাঢ়িৱ পৰা নাই৷ আমাতকৈ পিছত স্বাধীনতা পোৱা কিছুমান দেশ উন্নয়নত বিশ্বৰ শাৰীত আমাৰ দেশতকৈ বৰ্তমান বহু ওপৰত, যাৰ বাবে সাধাৰণ ৰাইজে লজ্জাবোধ অনুভৱ কৰিব লগা হৈছে৷ দেশ এৰি অসম ৰাজ্যৰ কথা ক’বলৈ গ'লে অসমীয়া জাতিৰ পিতৃপুৰুষ তথা বৰ অসমৰ ভেটি গঢ়োতাৰ লগতে স্বপ্নদ্ৰষ্টা তাই জনগোষ্ঠীয় ব্যক্তি চাওলুং চুকাফাই নিজৰ ভাষা, ধৰ্ম সকলো এৰি ইয়াৰে ভাষা, ধৰ্ম, বৈবাহিক কৰ্মৰে সকলো গ্ৰহণ কৰি ৰাজ শাসনত বহি বৃহত্তৰ অসমীয়া জাতি গঠন কৰিছিল৷ বৰ অসম বুলি ক'লে বৰ অসমৰ ভেটিত সাতভনী অৰ্থাৎ চুবুৰীয়া সাতোখন ৰাজ্য অবিভক্ত আছিল৷ ইয়াত বসবাস কৰা জাতি-বৰ্ণ নিৰ্বিশেষে সকলোকে আহোম বুলিছিল৷ এচামৰ কু-চক্ৰান্তত বৰ্তমান এই আহোম শব্দটো মাত্ৰ গগৈ, গোঁহাই, বৰগোঁহাই,
বুঢ়াগোঁহাই, বৰুৱা, ফুকন ইত্যাদিৰ মাজতহে ৰলগৈ। এই একেই চক্ৰান্ততেই বৰ্তমান মৰাণ, মটক, চুতীয়া, কলিতা, কছাৰী, সোণোৱাল, ৰাভা,
বড়ো, মিছিং, আদিবাসী বুলি সকলো পৃথক হৈ পৰিল।
আহোম শব্দটোৱে তাহানিতে একত্ৰিত হোৱা এটা সত্বাক বুজাইছিল আৰু ই আছিল এক সমন্বয়েৰে গঢ়া সু-সংগঠিত প্ৰশাসনিক ব্যৱস্থা। এতিয়া সেই সকলো ডোল ছিগি থান বান হ'ল ৷
আমাৰ ভাৰতবৰ্ষৰ দৰে দেশত হিন্দুত্বৰ কথা চালি জাৰি চালে দেখিম যে- এক কথাত হিন্দুত্ব তেনে এক সভ্যতা সংস্কৃতিয়েই আছিল৷ ধৰ্মৰ নামত ৰহণ হানি হিন্দুত্বক ধৰ্মলৈ পৰিৱৰ্তন কৰি ধৰ্মৰ নামত, জাতিৰ নামত, বৰ্ণবাদৰ বিচাৰধাৰাৰ নামত ভাগে ভাগে সভ্যতা সংস্কৃতিক নিঃশেষ কৰি আমাৰ দৰে এটা সমন্বয়ৰ যাত্ৰাত গতি কৰি থকা এটা সৰ্বভাৰতীয় জাতিৰ ৰাজহাঁড় ভাঙি ৰাজনীতিৰ নামত এচাম কু-বুদ্ধিজীৱিৰ বলিশালত বন্দীত্ব জীৱনহে আমি পাৰ কৰিছোঁ অনুমান হয়৷
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ