জীৱনটো এনেকুৱাই••জেৰিফা ওৱাহিদা

Rinku Rajowar
0
কেতিয়াবা যদি আনে ৰʼদালীৰ আশা, 
আকৌ কেতিয়াবা দি যায় নিদ্ৰাহীন নিশা ।
কেতিয়াবা যদি আনে অশেষ শান্তি, 
আকৌ কেতিয়াবা দি যায় হৃদয়ত এক অশান্তি ।
কেতিয়াবা যদি আনে ৰঙীন সপোন, 
আকৌ কেতিয়াবা দি যায়  তন্দ্ৰাহীন ‌ দিঠক ।
কেতিয়াবা যদি আনে  সুমধুৰ স্মৃতি, 
আকৌ কেতিয়াবা দি যায় বেদনাদায়ক বিস্মৃতি ।
কেতিয়াবা যদি আনে ওঁঠত মধুৰ হাঁহি, 
আকৌ কেতিয়াবা দি যায় দুচকুত কান্দোন ।
কেতিয়াবা যদি আনে হৃদয়ত প্ৰেমৰ অনুৰাগ, 
আকৌ কেতিয়াবা দি যায় হৃদয়ত অশান্তৰ বিৰাগ ।
কেতিয়াবা যদি আনে  হেজাৰ সপোন পূৰণ কৰাৰ আশা, 
আকৌ কেতিয়াবা দি যায় স্বাৰ্থ নিৰাশা।
কেতিয়াবা যদি আনে প্ৰিয়জনৰ নিঃস্বাৰ্থ ভালপোৱা  ,
আকৌ কেতিয়াবা দি যায় স্বাৰ্থপৰ লোকৰ অসীম বেয়াপোৱা।
তিঁতা-মিঠা ,হাঁহি -কান্দোনৰ মাজত ,
জীৱন সংগ্ৰামত গতি কৰি আছোঁ।
জীৱনটো এনেকুৱাই, এনেকৈয়ে জীৱন, 
জয়ী হোৱাৰ হেঁপাহেৰে গৈ‌ আছোঁ ।

           

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)