কেনেকৈ পাৰ হৈ গ'ল
গমেই নাপালো,
আমি দুয়ো যে
নৈৰ পাৰত বহি
কথা পাতিছিলোঁ
সপোনৰ সেই
দেশৰ কথা,,
তোমাৰ জানো, মনত নাই,,,,,,
ভৰা নৈৰ চাপৰিৰ
কহুৱা বননিত বহি
আমি দুয়ো দেখোন,
সপোন দেখিছিলো,,,,
হয়টো তুমি! পাহৰিলা চাগৈ,,,,,
জানানে,,,,,,
মোৰ মনৰ ভিতৰত
আজিও সেই স্মৃতিবোৰে
বৰকৈ আমনি কৰে অ',,,,,
তুমি জানা!,,,,
আজিকালি কিয় জানো মই
সকলোতে দেখোন
তোমাকেই দেখা পাওঁ,,,,
নাজানো কিয়,
এনে হয়,,,,,,,,,
তুমি নথকাত যে মই
নিসংগ যেন হ'ব ধৰিছো,
নৈৰ সুকুমল
কুল কুল ধ্বনিও যে
মোৰ সংগী হ'ব পৰা নাই,,,
জানানে,,,
মই যে তোমাক কৈছিলো
নিস্তব্ধ নিসংগতা মোৰ
প্ৰিয় বুলি,,,,,
আজিও সেই নিসংগতাই
মোৰ অধিক প্ৰিয় হৈ পৰিছে
জানানে,,,
তুমি যদি পাৰা,,
এবাৰ মোক
চাই যাবাহি দেই,,,,
তোমাৰ আগৰ সেই মইটো
আজিও একেদৰেই আছোঁ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ