তোমাৰ শূণ্যতাত চকুলোঁৰে সাগৰ হৈ বৈ যায়••উদ্ধৱ পাঠক

Rinku Rajowar
0
তুমি আঁতৰি যোৱা বহুদিনে হ'ল,
তথাপিও বুকুত কঁঢ়িয়াই লৈ ফুৰিছোঁ তোমাক ।

তুমি ক'ত আছা মই নাজানো !
তুমি ক'ত আছা মই বুজিও নাপাওঁ !
তুমি কেনে আছা উপলব্ধি কৰিবও নোৱাৰোঁ !
কিন্তু, যি ঠাইত মোক সুখৰ পৰিধি ভাঙি তুমি আঁতৰি গুচি গ'লা মই তাতেই জীয়াই আছোঁ
মৃত্যুৰ ক্ষণ গণি ।

প্ৰাৰ্থনাৰ নাৰী আছিলা তুমি মোৰ
মন মন্দিৰৰ আশাৰ শলিতা!
কাক ক'ম,কোনে বুজিব !

প্ৰতিটো পল-অনুপল তোমাৰ স্মৃতিৰে সজীৱ হৈ আছে মোৰ হিয়াৰ মণিকোঠাত,
অবুজ বেদনাই দুখৰ বন্যা হৈ তণুৰ প্ৰকাণ্ড পাহাৰ খহাই !

এতিয়া, চকুলোঁৰে বাগৰি অহা সাগৰত বঠা মাৰি-মাৰি মই যে ভাগৰুৱা পথিক !
....এৰি অহা সপোনৰ পম খেদি !

মামৰ ধৰাদি ধৰিছে ৰঙীণ সপোনৰ প্ৰতিটো পণ,
তোমাৰ শূণ্যতাত চকুলোঁৰে
সাগৰ হৈ বৈ যায়
এৰি অহা সপোনৰ সুৱাস বিচাৰি !

আঁতৰি যোৱাৰ দিনাখন পদুলীমুখত
ফুলি থকা শেৱালী ফুলেও
সুৱাস নিবিলাই
মাথোঁ, বিৰহত কান্দিছিল

....... নালাগে এনেকুৱা বিষাদ,
...নালাগে এনেকুৱা বিষাদ ।।

✍️উদ্ধৱ পাঠক
অদালবাৰী, বাক্সা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)