জননী তুমি অনন্যা••উদ্ধৱ পাঠক

Rinku Rajowar
0
জননী তুমি অনন্যা
     তোমাৰ গুণৰ তুলনা নাই,
 দুখ-ভাগৰ কষ্ট সহিছিলা
      আমাৰ মুখলৈ চাই ।

 আছে জানো জননী
    তোমাৰ মনত,
নীৰৱ এটি কণমানি
    সেইদিনা তোমাৰ কাষত ।

ৰ'দ,বতাহ দূৰ্বাৰ বৃষ্টি
    কৰিছিলা মা একাকাৰ,
 চকুলোঁ মচিছিলা সহ্য কৰিছিলা
    ৰাখিছিলা মা সমাহাৰ ।

 ৰঙীণ সপোন দেখিছিলা
    জননী আমাক লৈ,
 আলফুলে সাৱটি মৰমৰ চুমা
    আমাৰ গালত থৈ ।

 অফুৰন্ত শক্তিয়ে স্পৰ্শীব নোৱাৰিলে
    জননী তোমাৰ বাবে,
 লভিলোঁ জনম লৈ ধৰম
    তোমাৰ বাবেই চাগে ।

  তোমাৰ গৰিমা তোমাৰ মহিমা
   সৰ্বব্যাপি মা,
 তোমাৰ কোলাত বুকুৰ মাজত
   লৈছিলোঁ শীতলতম ছাঁ ।

  জননী তুমি অনন্যা
     তোমাৰ তুলনা নাই,
 তুমিয়েই সৃষ্টিৰ অন্যতম
     আমাৰ সন্মানৰ আই ।

✍️উদ্ধৱ পাঠক
অদালবাৰী, বাক্সা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)