উকা কপালখন সেন্দুৰীয়া হ'ল- পিংকী বৰা

©Admin
0
আগৰ সেই গাভৰুজনী আজি বোৱাৰী হ'ল 
আজি তাইৰ উকা কপালখন সেন্দুৰীয়া হ'ল ;
আজিৰেপৰা তাই কাৰোবাৰ অৰ্ধাংগিনি 
আন কাৰোবাৰ বাবে লখিমী বোৱাৰী হ'ল।
হাজাৰ সপোন বুকুত বান্ধি 
তাইও আজি এখন ঘৰৰ গৃহিণী হ'ল।
মাক - দেউতাকৰ বুকু উদং কৰি 
যাবলৈ ওলাল আজি 
তাই আন এখন ঘৰলৈ বুলি,
অগ্নিক সাক্ষী কৰি দুয়ো দুয়োৰে হৈ চিৰজীৱন একেলগে থাকিম বুলি দিলে প্ৰতিশ্ৰুতি।
বুকুখন যেন আজি বৰকৈ বিষাইছে ,
অতীতৰ কথাবোৰে দেখোন আজি তাইক বৰকৈ আমনি কৰিছে ,
দুচকুত চকুপানী ৰাখি তেওঁলৈ চাই মাৰিলে তাই এটি মিচিকি হাঁহি 
আজিৰ পৰাটো আপুনি মই জীৱন বাটৰ লগৰী।
তেওঁৰ নামত উকা কপালখনত আঁকি ললোঁ এটি সেন্দুৰীয়া ফোট ,
আয়তীৰ উৰুলিৰে চৌপাশ ৰজন জনাই গ'ল ,
মাক - দেউতাকৰ আশীৰ্বাদ শিৰত লৈ 
যাবলৈ বুলি ওলাল তাই আজি 
কাৰোবাৰ অৰ্ধাংগিনি হ'বলৈ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)