আৰ্শীবাদ শব্দটো শুনাৰ লগে লগে মনলৈ এক আধ্যাত্মিক ভাৱ আহে। মনটো ভাল লাগে। আমি আৰ্শীবাদ বিচাৰি ভগৱানৰ ওচৰলৈ যাওঁ। আমাৰ সমস্যাবোৰ আমি ভগৱানক জনাওঁ। আৰু আমাৰ বিশ্বাস যে ভগৱানে সকলো ভাল কৰিব। আমাক আৰ্শীবাদ দিব। আৰু সঁচাকৈয়ে ভগৱানে আমাক আৰ্শীবাদ দিয়ে। আৰ্শীবাদ বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ এখন ছবি আহে য'ত আমি বয়োজ্যেষ্ঠজনক ভৰি চুই সেৱা জনাওঁ। আৰু আমাক মূৰত ধৰি আৰ্শীবাদ দিয়ে। এইয়া হ'ল আমাৰ সংস্কাৰ। আপুনি নিশ্চয় কাৰোবাক সহায় কৰি পাইছে । যি পাৰে , যেনেকৈ পাৰে , নিশ্চয় সহায় কৰিছে আৰু সহায়ৰ বিনিময়ত নিশ্চয় আপোনাক ধন্যবাদ জনায়। কেতিয়াবা চাগে ধন্যবাদ বুলিও নকয়। সহায় কৰাৰ পাছত আপোনাৰ কেনেকুৱা লাগে? নিশ্চয় ভাল লাগে । কাৰণ আপুনি আপোনাৰ সমৰ্থ অনুযায়ী কাৰোবাক কিবা প্ৰকাৰে সহায় কৰিছে। বিপদৰ পৰা উদ্ধাৰ কৰিছে। কিছুমান মানুহেটো নিজে বিপদত থাকিও আনক সহায় কৰা দেখিবলৈ পোৱা যায়। যিজন ব্যক্তি আপোনাৰ ওচৰলৈ সহায় বিছাৰি আহিছিল আপুনি সহায় কৰাৰ পাছত ব্যক্তিজনৰ মুখত হাঁহি দেখিবলৈ পায়।সেই হাঁহি হ'ল আনন্দৰ , পৰম সন্তোষৰ হাঁহি আৰু লগত বিশ্বাস। তাৰ পাছত আপোনাক যে কয় ধন্যবাদ বুলি অন্তৰৰ পৰা কয় , তাতে থাকে আৰ্শীবাদ । আৰু কেতিয়াবা ধন্যবাদ বুলি মুখেৰে নকলেও তেওঁ অন্তৰৰ পৰা আপোনাক কয় , ভালে থাকক বা ভালে থাকা। সেয়াই আপোনাৰ কাৰণে আৰ্শীবাদ হৈ আহে । আমি আমাৰ প্ৰয়োজনীয় সকলোবোৰ বস্তু কিনি ল'ব পাৰো । কিন্তু আমি আৰ্শীবাদ , বিশ্বাস এয়া কেতিয়াও কিনিব নোৱাৰোঁ। আমি কিনিব নোৱাৰা অন্যতম উপহাৰটোৱেই হ'ল -- আৰ্শীবাদ। যি কেৱল অন্তৰৰ পৰাহে আহে। যাক আমি কেতিয়াও দেখা নাপাওঁ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ