দূৰণিৰ পথাৰখনো লাহে লাহে শূণ্য হ'ল—
সিও তাতে নতুন প্ৰভাতৰ অপেক্ষাতে ৰ'ল—
মোৰ কাষেৰেই এজাক সৰু চৰাই ডেউকা কোবাই উৰি গ'ল...হয়তো জিৰণি ল'বলৈ ।
ৰঙা বেলিটো পশ্চিমৰ আকাশত লুকাই পৰিল...!!
ধৰালৈ আন্ধাৰ নামি আহিল—
লগে লগে জ্বলি উঠিল এটি দুটিকৈ লাইটবোৰ—
নামঘৰৰ ডবাৰ ধম্-ধম্ শব্দ ভাঁহি আহিল !!
কিবা যেন পবিত্ৰতাৰ অনুভৱ....
কি যে এটা ভাল লগা পৰিৱেশ—
এৰা‚
প্ৰকৃতিৰ সৃষ্টি সঁচাই অনুপম !
কৃত্ৰিম পোহৰত সকলোৰে ঘৰৰ অন্ধকাৰ দূৰ হ'ল—
ৰাস্তাৰ দাঁতিতো পোহৰ বিৰিঙিল—
কিন্তু মোৰ মন আজিও চোন উৰুঙা...
মোৰ জুপুৰিৰ ভিতৰখনত এতিয়াও পোহৰ নাই !
কেৱল নঙলামুখত ৰৈ আছোঁ—
তুমি 'আহিম' বুলি কৈ যোৱা কথাষাৰৰ অপেক্ষাত;
তুমি ধূলি উৰুৱাই যোৱা উকা বাটটোলৈ চাই....
কিন্তু নাই‚
তুমি আজিও নাহিলা
এতিয়াচোন নিশাৰ আকাশত তৰাই হাঁহিবৰ হ'ল—
তোমাক ক'বলৈ বিচৰা গোপন কথাবোৰ মোৰ হৃদয়তেই থাকি গ'ল—
কেৱল এটা আধৰুৱা গল্প হৈ ।
✍️নিশা বৰা
নগাঁও(ৰহা)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ