ইমান অভিমাননে তোমাৰ ?••দিপশিখা ৰাজকোঁৱৰ

Rinku Rajowar
0
তুমি কাষত নাথাকিলেও
মোৰ অভিমানী হৃদয়ত 
সদায়েই জীয়াই আছা
অভিমানী হৃদয়খনে তোমাক
বিচাৰি বৰকৈ উচুপি উঠে।
এবাৰো নভবাকৈ দূৰণিৰ
মায়া দেশলৈ গুছি গ'লা তুমি 
হৃদয়ৰ ক্ষোভবোৰ সুৰ হৈ নিগৰে
নিশা অচিনাকী চৰাইজাকৰ ওচৰত।
নীৰৱে আছোঁ তোমাৰ স্মৃতি সুঁৱৰি
হিয়াখনে চিঞৰে দেউতা বুলি
নিজান নীৰৱ নিঃস্তব্ধ ৰাতি
বুজিবলৈ নাহা বুলি জানিও
তোমালৈ অপেক্ষা কৰোঁ দেউতা
তোমাৰ শুকান মৰিশালীটোলৈ চাই।
বিষাদ বেদনাৰ স্মৃতিয়ে
মনৰ আকাশ অন্ধকাৰ কৰিছে
কেতিয়াবা নোৱাৰোঁ অ' দেউতা
বহুত মনত পৰে তোমালৈ
জীৱনৰ প্ৰতি খোজতে
মোৰ সাহস হৈ নাথাকিলা কিয়?
ইমান অভিমাননে তোমাৰ
মই সফল হোৱালৈ যে
জীয়াই থাকিব নিবিচাৰিলা
কিন্তু পাহৰি নাযাবা দেউতা
ময়ো অভিমানী।

📌দিপশিখা ৰাজকোঁৱৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)