তাইৰ কপালত এটি ফোঁট ,
ঠিক সেওঁতাৰ মাজেৰে যেন
তেজৰঙী বেলিটোৰ দৰে জিলিকি আছে।
কিছুসময় পিছতে যে
এযোৰ বগা সাজ পিন্ধাই দিব !
সকলোৱে চাই আছে চকুথৰ কৰি
ৰঙা কপালখন ।
কাষত এখন চিতা
চিতাৰ জুইকুৰা যেন অলপ পিছত
দাওদাওকৈ জ্বলিব ,
কলিজাত অগ্নি শিখা যেন
এজাক ধুমুহাই তমসা নমাই আনিছে।
চিতাখনে বাৰে বাৰে প্ৰশ্ন কৰি আছে মোক
কেনেকৈ জীয়াই থাকিম অকলশৰে ,
পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ দৰেই যে
হৃদয়খনো মোৰ গ্ৰাস কৰিছে
কোনোবা ৰাহু-কেতুৱে।
এযোৰ শুকুলা সাজ পিন্ধি
মই ৰৈ আছোঁ তোমাৰ চিতাৰ ওচৰত
শেষ বাৰৰ বাবে তুমি সাঁচি ৰখা
সেন্দুৰকণেৰে তোমাৰ কপালখন ৰঙা কৰিবলৈ।
বিদায় বুলি কেনেকৈ কওঁ ?
বুকুখন যেন উচুপি উঠিছে
তুমি যাবা গৈ যে মোক অকলশৰীয়া কৰি
অজান দেশলৈ ।
🖌️প্ৰাণজিৎ দাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ