এইয়াই কি জীৱন••আব্দুল কাদেৰ মিঞা

©Admin
0
এইয়াই কি জীৱন? 
য'ত সকলো আশা নিমিষতে শেষ হয়
এইয়াই কি জীৱন?
য'ত সপোন ভাঙি যায় কিবা নোপোৱাৰ আগতে।
জীৱনৰ শেষ মূহুৰ্তত আহিছোঁ আজি
একো বিচাৰি পোৱা নাই
সকলো যেন সপোন
কিছু আশাৰ মাজত আৱদ্ধ মন।
সময়ৰ সোঁতত ভাঁহি
বিলাসীতাত নষ্ট কৰিছোঁ সকলো!
এইয়াই কি জীৱন?
কিছুমানে হাঁহে কিছুমানে কান্দে!
কিছুমানে আকৌ ঈৰ্ষাত জ্বলি মৰে।
আজি সকলো আছে চৌদিশে
হেজাৰ মানুহ
অসংখ্য যান্ত্ৰিক জীৱন ,
সকলোৱে ব্যস্ত
অকল মই ৰৈ আছোঁ!
যেতিয়া দেখিলোঁ অসংখ্য মানুহৰ ভিৰত
মোৰ বাহিৰে নিজৰ বুলি কোনেও নাই
তেতিয়াই থমকি ৰ'ল জীৱন।

✍️আব্দুল কাদেৰ মিঞা
দক্ষিণ শালমাৰা মানকাচৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)