জীৱন উপভোগ••বন্দনা ভৰালী গগৈ

@admin
0
উপভোগ অৰ্থাৎ উজুতে পাই ভোগ কৰা!
ভাবিছোঁ প্ৰকৃততে খেলনাৰ দৰেহে ব্যৱহাৰ কৰিছোঁ নিজকে?
সুন্দৰ সময় বোৰক অৱহেলাত ৰাখিছোঁ!
প্ৰত্যাহ্বানক আজুৰিবলৈ ব্যৰ্থ হৈছোঁ নেকি?

এই পবিত্ৰ জীৱন ইমান সহজতে পোৱা হয় জানো।
প্ৰশ্ন জাগে কেতিয়াবা নিজৰ মাজত!
উপভোগ আৰু উদযাপন দুয়োটা শব্দৰ পাৰ্থক্য কি?
প্ৰত্যাহ্বানক আজুৰিবলৈ ব্যৰ্থ হৈছোঁ নেকি?

চৌৰাশী নৰক যোনী জৰায়ুৰ আমি পৰিভ্ৰমী জীৱ,
জাতিস্মৰ হোৱা হ'লে নিশ্চয় জানিব পাৰিলেহেঁতেন!
মনক বিশ্লেষণ আৰু নিয়ন্ত্ৰণ কৰিব পৰাটো জীৱৰ বাবে অত্যন্ত কঠিন।
প্ৰত্যাহ্বানক আজুৰিবলৈ ব্যৰ্থ হৈছোঁ নেকি?

যিমান জানিবলৈ পাইছোঁ সিমানেই জটিল হৈ পৰিছে,
শুদ্ধ বা অশুদ্ধ তথ্য পক্ষপাতিত্ব কৰিবলৈ অক্ষম হৈছোঁ।
কিয় ! এনে চিন্তন আৰু বিশ্বাসৰ পৰা বিচ্ছিন্ন হৈছোঁ।
প্ৰত্যাহ্বানক আজুৰিবলৈ ব্যৰ্থ হৈছোঁ নেকি?

মায়াৰ সাগৰ খনৰ ঢৌ উঠিছে জীৱৰ চিন্তা ধাৰাত।
সাৱটি ধৰিব বিচাৰিছোঁ সঁচা  আৰু মিছা বোৰ।
উপভোগ বোৰ ভোগ নামৰ পিয়াঁহ বোৰত!
প্ৰত্যাহ্বানক আজুৰিবলৈ ব্যৰ্থ হৈছোঁ নেকি?

            

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)