শৰৎ••ৰূপা মনি দাস

Rinku Rajowar
0
প্ৰেমিক কবিক আমনি কৰিবলৈ
ঋতুৰাণী শৰৎ আকৌ আহিল,
আকাশত মেঘৰ লুকা-ভাকু
শৰতৰ মৃদু বতাহত
আমোলমোল শেৱালিৰ গোন্ধ ,
নৈৰ পাৰৰ কহুঁৱা নাচিছে 
হালি-জালি
পদুলিৰ শেৱালি জোপাৰ
এটি দুটিকৈ ফুলৰ পাহিবোৰ সৰি
নিয়ৰ সিক্ত দুৱৰিৰ বুকুত শুভ্ৰ দলিচা সজাইছে ।
পুৱাৰ হেঙুলীৰ বেলিৰ কিৰণত
নিয়ৰত মুকুটা জিলিকিছে।
শৰৎ আবেগৰ,
শৰৎ হেঁপাহৰ,
শৰতৰ আগমনত নিৰ্মল শান্ত 
প্ৰকৃতিয়ে সলাইছে ৰং ।
শৰৎ তুমি সঁচাই অতি বিতোপন।

✍️ৰূপা মনি দাস।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)