জেৰুজালেমৰ ইতিহাস বিশ্বৰেই ইতিহাস। জেৰুজালেম এক আন্তৰ্জাতিক নগৰ, দুই জনগোষ্ঠীৰ ৰাজধানী, ৰজা -বাদছাহৰ সভ্যতাৰ সংঘৰ্ষ, কিং ডেভিদৰ পৰা বাৰাক ওবামা , ইহুদী, খৃষ্টান, ইছলামৰ পৰা বৰ্তমান ইজৰাইল -পেলেষ্টাইনৰ সংঘাত। তিনি হাজাৰ বছৰৰ বিশ্বাস, হত্যাযজ্ঞ,মৌলবাদ,
সহ-অৱস্থান,ছলোমন, ছালাদিন,ছোলেইমান, ক্লীওপেট্ৰা চাৰ্চিল,পয়গম্বৰ ইব্ৰাহিম, যীশুখৃষ্ট(ইছলামিক মতে ঈছা পয়গম্বৰ )( যীশুখৃষ্ট) হজৰৎ মহম্মদ ( ছঃ) ৰ কাহিনীৰ দ্বাৰা সংপৃক্ত নগৰ।
এই জেৰুজালেম ৫২ বাৰ আক্ৰান্ত , ৪৪ বাৰ দখলীকৃত আৰু পুনৰুদ্ধাৰ, ২২ বাৰ অৱৰোধ আৰু দুই বাৰ ধ্বংস-প্ৰাপ্ত হৈছিল।
জেৰুজালেম মধ্যপ্ৰাচ্যৰ ভূমধ্যসাগৰ আৰু মৃত সাগৰৰ মধ্যৱৰ্তী যোধাইয়ান পৰ্বতৰ নিচু মালভূমিৰ ২. ৫৭৫ বৰ্গ ফুট( ৭৮৫ মিটাৰ ওখত অৱস্থিত পুৰণি ঐতিহাসিক তথ্যসমৃদ্ধ আৰু পৃথিৱীৰ বিখ্যাত তিনিটা একেশ্বৰবাদী ধৰ্ম যেনে , ইহুদী, খৃষ্টান আৰু ইছলাম ধৰ্মৰ পবিত্ৰ স্থান।
ইহুদি ধৰ্মৰ ঐতিহ্য অনুসৰি ইয়াতেই আছিল ইহুদীসকলৰ প্ৰথম আৰু দ্বিতীয় উপাসনালয়। তিনি হাজাৰ বছৰ আগতে ৰজা ডেভিদৰ পুত্ৰ ছোলোমনে খৃষ্ঠপূৰ্ব ৯৫৭ চনত প্ৰথমে স্থাপন কৰা উপাসনালয়টি নব্য-ব্যাবিলীনীয় সাম্ৰাজ্যৰ দ্বাৰা ধ্বংস-প্ৰাপ্ত হৈছিল। দ্বিতীয় উপাসনালয় আৰু খৃষ্টান ব্যাসিলিকাও ৭০ খৃষ্টাব্দত ৰোম-বাহিনীয়ে ধ্বংস কৰিছিল যাৰ পশ্চিম অংশত সুৰক্ষিত হৈ আছে মাথোঁ এটি দেৱাল। ইহুদিসকলে এই দেৱালৰ কাষতেই প্ৰাৰ্থনা গৃহ সজাই লৈছে। অৰ্থডক্স ইহুদীসকলে বিশ্বাস কৰে যে, ইহুদীসকলক উদ্ধাৰ কৰিবলৈ তেওঁলোকৰ ত্ৰাণ-কৰ্তা মোসীহ (ইছলামিক মতে মুছা নবী) তৃতীয় আৰু চতুৰ্থ উপাসনালয় নিৰ্মাণ কৰিব।
এই জেৰুজালেমৰ টেম্পল মাউন্টৰ মুখ কৰি ইহুদীসকলে প্ৰাৰ্থনা কৰে । তেওঁলোকে বিশ্বাস কৰে যে, তেওঁলোকৰ পয়গম্বৰ ইব্ৰাহিমে ঈশ্বৰক সন্তুষ্ট কৰিবলৈ তেওঁৰ প্ৰিয় পুত্ৰ ইছাহাকক উচৰ্গা দিবলৈ জেৰুজালেমলৈ লৈ গৈছিল। আৰু আল-আকছাত ফাউণ্ডেশ্যন ষ্টোন বা বিশ্বৰ ভিত্তি পাথৰ থকা বুলি তেওঁলোকে বিশ্বাস কৰে ; যৰ পৰা বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি হৈ ক্ৰমে প্ৰসাৰিত হৈছে।
কিন্তু প্ৰত্নতাত্বিকসকলে খননকাৰ্য চলাই এই অঞ্চলত কোনো মন্দিৰৰ ভগ্নাৱশেষৰ অস্তিত্ব লাভ কৰা নাই। ইছলামিক বুৰঞ্জীবিদ সকলেও ইহুদীসকলৰ এই ঐতিহ্য বহনকাৰী ঘটনাৰ কোনো ঐতিহাসিক প্ৰমাণ নাই বুলি কৈছে ; বৰঞ্চ পেলেষ্টাইনৰ অন্তৰ্ভূক্ত জেৰুজালেমত ; যাক ইছলামিক মতে বায়তাল মোকাদ্দস বুলি কয় পেলেষ্টাইনবাসীৰ পিতৃপুৰুষৰ আদি বাসস্থান বুলি ঐতিহাসিকভাৱে স্বীকৃত বুলি দাবী কৰে।
এই জেৰুজালেমৰ ১৪ হেক্টৰ এলেকাধীনত অৱস্থিত আল -আকছা বা কিবলী মছজিদ নামে খ্যাত মছজিদ ইছলাম ধৰ্মীয় সকলৰ মক্কা আৰু মদিনাৰ পিছতেই তৃতীয় পবিত্ৰ মছজিদ ; যাৰ প্ৰাঙ্গণত একেলগে অৱস্থিত কুব্বাত - আছ- ছাখৰা, কুব্বাত - আছ ছিলছিলা আৰু কুব্বাত আন নবী মছজিদ । একলগে এই আল -আকছাক মুছলিম সকলে হাৰাম আল শ্বৰীফ বুলিও কয়। ইয়াকেই ইহুদীসকলে টেম্পল মাউন্ট বুলি কয়। প্ৰথমতে আল আকছাত ছোলেইমান নবীয়ে এটি সৰু মছজিদ নিৰ্মাণ কৰিছিল। পাছত ইছলাম ধৰ্মৰ দ্বিতীয় খলিফা ওমৰ ফাৰুকে ৭০৫ চনত সৰু মছজিদটিক বিশাল আকৃতিৰ কৰি নিৰ্মাণ কৰিছিল। ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰৎ মহম্মদে (ছঃ) আল হাৰাম ( মক্কাৰ কাবা শ্বৰীফ) ৰ পৰা মেৰাজৰ সময়ত ( আকাশ ভ্ৰমণ) এই জেৰুজালেমৰ আল - আকছা মছজিদত প্ৰৱেশ কৰি নামাজ আদায় কৰি বিদ্যুততকৈ অতি উৰ্ধগামী বোৰাক নামৰ বাহনত উঠি সপ্ত আকাশ ভ্ৰমণ কৰিছিল। যাৰ কাৰণে গোটেই পৃথিৱীৰ মুছলমানসকলে এই আল -আকছাক কেবলা ( নামাজৰ দিক্ ) হিচাপে ব্যৱহাৰ কৰি নামাজ পঢ়িছিল। পৰৱৰ্তী মক্কাৰ কাবা শ্বৰীফক কেবলা হিচাপে স্থানান্তৰিত কৰিলেও বিশ্বৰ মুছলমানসকলে পেলেষ্টাইনত সংঘৰ্ষ সৃষ্টি নোহোৱালৈকে জেৰুজালেমত তীৰ্থ ভ্ৰমণ কৰিবলৈ গৈছিল।
এতিয়াও প্ৰতি শুক্ৰবাৰে ইজৰাইল ৰাষ্ট্ৰৰ সশস্ত্ৰ পুলিচ প্ৰশাসনৰ নানা বাধা -বিঘিনি আওকাণ কৰি আল- আকছা মছজিদত নামাজ পঢ়িবলৈ হাজাৰ হাজাৰ মুছলিম সমবেত হয় ।
আল -আকছা মছজিদৰ ইছলামীয় ধৰ্মীয় গুৰুত্ব থকাৰ লগে লগে পেলেষ্টাইনবাসীৰ সংস্কৃতি আৰু জাতীয়তাবাদৰো প্ৰতীক।
সোণালী গম্বুজৰ " ডোম অব দি ৰক " বিশ্বৰ মুছলমানসকলৰ স্বীকৃত প্ৰাৰ্থনাৰ পবিত্ৰ স্থান। ইয়াত নমাজ পঢ়াটো সৌভাগ্যৰ কথা বুলি তেওঁলোকে বিশ্বাস কৰে। ইছলামিক যুগৰ প্ৰাৰম্ভিক পৰ্য্যায়ৰ ঐতিহাসিক স্থাপনাৰ নিদৰ্শন সংৰক্ষিত হৈছে এই আল-আকছাত। ধৰ্মীয় ভৱন, বিভিন্ন ধৰণৰ গম্বুজ, মিনাৰ, স্তম্ভৰ কাঠামোৰ (Structure) বাহিৰেও ৩০ টি পানীৰ উৎস,দেৱালৰ অভ্যন্তৰত মিম্বাৰ মামলুক আৰু আইয়ুবী যুগৰ ঐতিহাসিক বিদ্যালয়ৰ নিদৰ্শন। আনহাতে উমাইয়া খলিফা আব্দুল মালিক ইবনে মাৰোৱানৰ নিৰ্দেশত ৬৯১ খৃষ্টাব্দত নিৰ্মিত অষ্টকোণ বিশিষ্ট " ডোম অব দি ৰক" ইছলাম ধৰ্মৰ গৌৰৱময় কীৰ্তিস্তম্ভ।
খৃষ্টান ধৰ্মমতে এই জেৰুজালেমত যীশুখৃষ্টক শত্ৰুসকলে যন্ত্ৰণা দি দি ক্ৰুদ্ধবিদ্ধ কৰি হত্যা কৰি জেৰুজালেমৰ গুহাত যিশুৰ দেহ ৰাখিছিল আৰু এদিন ইয়াতেই যিশুখৃষ্টৰ পুনৰুত্থান ঘটিছিল। সেয়ে জেৰুজালেম খৃষ্টান ধৰ্মালম্বী লোক সকলৰো পবিত্ৰ স্থান। মুঠতে জেৰুজালেম তিনিটা প্ৰধান ধৰ্মৰ পবিত্ৰ স্থান হোৱাৰ বাবে জেৰুজালেমক লৈ নানা দ্বন্দ্ব-সংঘাতৰ সৃষ্টি হৈছে।
জেৰুজালেম প্ৰথমৰ পৰাই পেলেষ্টাইনৰ পুৰণি নগৰ আছিল। ১৮৪৮ চনত ইংলেণ্ডৰ ব্ৰিটিছ শাসকৰ সহায়ত পেলেষ্টাইনৰ বুকুত ইজৰাইল ৰাষ্ট্ৰ স্থাপন হোৱাত ইয়াৰ পশ্চিম জেৰুজালেম ইজৰাইল ৰাষ্ট্ৰৰ অধীনস্থ, পূৰ্ব জেৰুজালেম জৰ্ডানৰ অধীনস্থ হৈছিল। ১৯৪৯ চনত ইজৰাইলে জেৰুজালেমক ইজৰাইলৰ ৰাজধানী হিচাপে ঘোষণা কৰে। ১৯৬৭ চনত ইজৰাইলে জেৰুজালেম সম্পূৰ্ণ ৰূপে দখল কৰি ললেও আল-আকছা বা টেম্পল মাউন্ট এলেকা পৰিচালনাৰ দায়িত্বত আছিল জৰ্ডান - পেলেষ্টাইনৰ ওৱাকফ বোৰ্ড। তথাপি প্ৰতি মুহূৰ্তে ইহুদী সম্প্ৰসাৰণবাদৰ আক্ৰমণৰ সন্মুখীন হৈ পেলেষ্টাইনৰ পৰা মাজে মাজে বিতাড়িত হৈ অন্য ৰাষ্ট্ৰত শৰণাৰ্থী হিচাপে বসবাস কৰা দুৰ্দশাগ্ৰস্থ লাখ লাখ পেলেষ্টাইনবাসীৰ আত্মনিয়ন্ত্ৰণৰ বাবে ইছলামিক বিপ্লৱী তথা সন্ত্ৰাসবাদী হামাছৰ সৈতে জাতীয় আকাঙ্ক্ষাৰ কেন্দ্ৰবিন্দু সংঘাত সহিংসতাত পৰিণত হৈছে। জৰ্ডানে জেৰুজালেমক এক ঐতিহ্য বহনকাৰী নিৰপেক্ষ নগৰ হিচাপে ঘোষণা কৰিবলৈ ৰাষ্ট্ৰ সংঘক সৈমান কৰাত ৰাষ্ট্ৰসংঘই জেৰুজালেমক এক প্ৰস্তাৱ মৰ্মে কৰ্পাছ ছেপাৰেটাম( লেটিন ) পৃথক সত্তা হিচাপে ঘোষণা কৰিছিল যদিও ইজৰাইলে মানি লবলৈ ইচ্ছা প্ৰকাশ নকৰিলে ; পেলেষ্টাইন ৰাষ্ট্ৰও জেৰুজালেমৰ ওপৰত পূৰ্ণ কৰ্তৃত্ব দাবী কৰিলে। তথাপি আল -আকছাক জৰ্ডান আৰু পেলেষ্টাইনৰ ওৱাকফ বোৰ্ডক পৰিচালনা কৰিবলৈ কৰ্তৃত্ব দান কৰি অমুছলমান খৃষ্টান আৰু ইহুদী ধৰ্মৰ লোকসকলক প্ৰাৰ্থনা কৰাৰ অনুমতি প্ৰদান নকৰি কেৱল পৰ্যতক হিচাপে বিচৰণ কৰিবলৈ স্বীকৃতি দিছিল। কিন্তু ইছলাম ধৰ্মাৱলম্বীৰ প্ৰতি জাতিগত বিদ্বেষ ভাৱ আৰু হিংসাত্মক মনোভাৱ পোষণ কৰা ইহুদী সকলে ইজৰাইল চৰকাৰৰ পৃষ্ঠপোষকতাত আল-আকছা মছজিদৰ প্ৰাঙ্গণত থকা সকলো সময়তে ইছলাম ধৰ্মীয় লোকসকলৰ ওপৰত নিৰ্যাতন চলাই আছে। এই ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ অধীনস্থ বিশ্বৰ প্ৰায় সকলো দেশেই ইজৰাইল ৰাষ্ট্ৰৰ এই সম্প্ৰসাৰণবাদী নীতিৰ বিৰুদ্ধে প্ৰায় প্ৰতিবাদ কৰা সত্ত্বেও আমেৰিকা যুক্তৰাষ্ট্ৰ , পশ্চিমী দেশ আৰু ইজৰাইল ৰাষ্ট্ৰৰ সৈতে বন্ধুত্ব স্থাপন কৰা দুই এখন দেশৰ মদতপুষ্ট ইজৰাইল ৰাষ্ট্ৰৰ প্ৰশাসকে পেলেষ্টাইন ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব স্বীকাৰ নকৰি জেৰুজালেমক ইজৰাইলৰ ৰাজধানী চহৰ হিচাপে গণ্য কৰিবলৈ উঠি পৰি লাগিছে। ইজৰাইল ৰাষ্ট্ৰৰ এই সম্প্ৰসাৰণবাদী নীতিৰ বিৰুদ্ধে ইজৰাইল ৰাষ্ট্ৰৰ অত্যাধুনিক চোৰাংচোৱাৰ বেহু ভেদ কৰি পেলেষ্টাইনৰ হামাছে এই মাহতে অতৰ্কিতে ইজৰাইলক চাৰি হেজাৰ ৰকেটেৰে থকা-সৰকা কৰাৰ লগে লগে ইজৰাইল ৰাষ্ট্ৰৰ সেনা-বাহিনীয়ে পেলেষ্টাইনত এয়াৰ ষ্ট্ৰাইকাৰে আক্ৰমণ কৰি পেলেষ্টাইনক ধ্বংস -প্ৰাপ্ত কৰিবলৈ উঠি পৰি লাগিছে। এনেকৈ মধ্যপ্ৰাচ্যত ইজৰাইল - হামাছৰ আক্ৰমণ -প্ৰতি-আক্ৰমণৰ মাজেৰে আৰম্ভ হৈছে যুদ্ধৰ বিভীষিকা । এনেদৰে বাৰে বাৰে "জেৰুজালেম -বিতৰ্ক"ক কেন্দ্ৰ কৰি মধ্যপ্ৰাচ্যত এক ভয়াবহ যুদ্ধৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।
গতিকে,এই জেৰুজালেম -বিতৰ্কৰ অন্ত পেলাবলৈ ৰাষ্ট্ৰসংঘই অতিশীঘ্ৰে পদক্ষেপ হাতত লোৱা উচিত। অন্যথা ইতিহাসৰ বুকুত " জেৰুজালেম বিতৰ্ক"ক কেন্দ্ৰ কৰি মানৱ সভ্যতাক ধ্বংস-প্ৰাপ্ত কৰা তৃতীয় বিশ্বযুদ্ধৰ সূচনা হোৱাৰ আশংকাক নুই কৰিব নোৱাৰি।
◾নাছিৰ আহমেদ শিমলাবাৰী গোৱালপাৰা।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ