দীপান্বিতাই পোহৰাওক জীৱন- নিপু কুমাৰ দাস

©Admin
0
 পোহৰেই আনক কঢ়িয়াই
এন্ধাৰ নাশি তমসা আঁতৰাই
জীৱন যাত্ৰাৰ পথত 
চৌদিশ আলোকিত হওক।

পোহৰৰ বাটেৰে অবাট কাটি
উঠক যেন উজ্জ্বলাই
ঘৰে ঘৰে প্ৰতি ঘৰেই
এগচি মাটিৰ চাকি জ্বলাই।

দীপান্বিতাই হৃদয়েই হৃদয় 
সুখ-শান্তিৰ যেন নিজৰা বোৱাই 
শংখৰ ধ্বনিৰে মুখৰিত হওঁক
অপশক্তিৰ বিনাশক ঘটাই।
 
দীপাৱলীৰ এই দীপ্ত শিখাৰ দৰে
কলুষিত জীৱন বাসনা যেন
মন ভাবনাৰ এন্ধাৰ আঁতৰাই 
জ্ঞান শলিতাৰেই হক আলোকিত।
 
বিশ্ব মানৱৰ মনাকাশত আলোকিত হৈ 
উঠক এটি নক্ষত্ৰ হৈ উজ্জ্বলি  
দুখবোৰ আঁতৰাই বিয়পি পৰক চৌদিশে  
সুখৰ জ্যোতিৰে জ্যোতিস্মান হৈ ।

মাটিৰ এগচি চাকিৰ পোহৰেই 
যদিও নোৱাৰে ঘোৰ অমানিশা আঁতৰাবলৈ 
মনৰ জ্ঞান বন্তিয়ে তুলিব পোহৰাই 
জীৱন বাসনাৰ এক ৰঙীন স্বপ্নৰ।    

দেশৰ মাটি শতৰুৰ কালিমা অপশক্তি
মষিমূৰ কৰিবলৈ জ্বলাইছে চৌদিশে 
দীপাৱলীৰ আলোক শিখা উজ্জ্বলাই
তমসা আঁতৰি উজ্জ্বলিব দেশৰ মাটি।

নতুনৰ আলোকে আলোকিত কৰিবলৈ 
জীৱন বাটত খোজ দিবলৈ পোহৰৰ খেলা 
এন্ধাৰেও ভেটা বান্ধিব নোৱাৰিব চাগে 
অন্ত পেলাব যাত্ৰাৰ পথত যেন কালৰাত্ৰি। 

                          ***


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)