মা••পাৰ্থপ্ৰতিম গগৈ

Rinku Rajowar
0
এগৰাকী অফুৰন্ত ত্যাগীৰ গাথাঁ
ক'ব খোজোঁ মা নামৰ মমতাৰ কথা,

জীৱন নামৰ নাটখনিৰ প্ৰথমখিলা পাত
বুলাইছিল চুমা আৰু মৰমৰ হাত,

ন মাহ দহ দিনৰ কঠোৰ সংগ্ৰাম
সঁচাকৈ নাই এই কষ্টৰ দাম।

জন্মৰ পূৰ্বেই মোৰ ৰচিছিল গান
আনন্দতে নাচিছিল তেখেতৰ প্ৰাণ,

মোৰ বাবেই সাজিছিল সপোনৰ পঁজা
ভাবিছিল তেওঁ মোক মৰমৰ পোনা।

আলাসৰে মোক লৈ কোলাতে শুৱায়
জানোছা পোনাটি উঠে সাৰ পায়।

কোলাত লৈ সাজিছিল মোৰ বাবে সপোন
অজানিতে কাঢ়িলো তেওঁৰ মই ফাগুন ,

মোৰ বাবে আজিও আশা তেওঁৰ অসীম
তেওঁৰ এই ত্যাগৰ মান কেনেকৈনো ৰাখিম,

নিশ্চয় পূৰ হ'ব তেওঁ দেখা সপোন
জিনিম জগত মই কৰিম কষ্ট দুগুণ।

তথাপি যেন ক'ৰবাত থমকি মই ৰওঁ
পূৰ কৰিব খুজিও আধৰুৱা হওঁ ।

✍️পাৰ্থপ্ৰতিম গগৈ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)