সেই কবিতাটোৰ নাম দিয়া নহ'ল-সূৰজ বৰগোঁহাই

©Admin
0
সেই কবিতাটোৰ নাম দিয়া নহ'ল
 আধৰুৱা হৈ ৰ'ল

এটা নামহীন সম্পৰ্ক
এখন নামহীন নদী
এখন নামহীন আকাশ
বৰষুণৰ টোপালবোৰো অনামি হৈ ৰ’ল
নৈ পাৰৰ নিৰ্জনতাৰ সুৰটো নামহীন

অলপ অনুভৱ, অলপ স্মৃতি 
খোদিত হৈ ৰʼল জীৱনৰ কঠিন শিলত
কিন্তু সেই কবিতাটোৰ নাম দিয়া নহ'ল.......
যʼত  সৰ্বস্ৰ সঁপিছিলো 
প্ৰেম, পৃথিৱী, যুদ্ধ, ভক্তি
সেয়ে হয়তো নিজক হেৰুৱালো...

পাচঁ বছৰ আগতে লিখা এখন চিঠি
এতিয়াও আছে মোৰ পূৰণি বাকচত
আধালেখা হৈ 
নাম দিয়া নহ'ল
নীলা খামৰ চিঠি নে  
নে প্ৰাৰ্থনাৰ পত্ৰ?
নাম দিয়া নহ'ল...

পিছলৈ প্ৰেমিক হ'লো কবিতাৰ
কিন্তু সেই কবিতাটোৰ নাম দিয়া নহ'ল...


◾সূৰজ বৰগোঁহাই, ধেমাজি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)