মোৰ বুকুৰ পুখুৰী পাৰ ভাঙি
ওলাইছে প্ৰেমৰ দৰিকণা
আশাৰ সাগৰত বাঢ়ি আহিছে মৰমৰ ঢৌ
মনাকাশত ৰ'দ-বৰষুণৰ কি যে খেলা
ঘন কলীয়া ডাৱৰে তাতেই নাচে
মোৰ চোতালত ফুলিছে সুগন্ধি পুষ্প
প্ৰণয়ৰ চম্পা নাহৰ খৰিকাজাই
শাওণৰ বিশাল পথাৰখন যেন
ৰোৱনীৰ হাতৰ পৰশত সেউজী হৈ উঠে
দুচকুৰ নীলাত ভাঁহি উঠে আশাৰ সপোন
শাওণী মেঘে মাদল বজাই জুৰে গান
বোকা-পানী গচকি কি যে আনন্দৰ বা
শাওণৰ পথাৰেই দিয়েহি জীয়াই থকাৰ ঠিকনা
আশাৰ কঠিয়া শাওণৰ পথাৰত যেন
সেউজী হৈ বাঢ়ি আহে লহপহ কৈ হৃদয় চুই ।
✍️ নিপু কুমাৰ দাস
কাজিপাৰা,নলবাৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ