বিৰামহীন জীৱনবৃত্ত••নিশান্ত ভট্টাচাৰ্য

Unknown
0
শূণ্যৰে আৰম্ভ জীৱনত নানা সুখ-দুখ, হাঁহি-কান্দোনৰ অলংকাৰে পূৰ্ণতা পালে ।
ঘাত-প্ৰতিঘাতৰ মেটমৰা বোজা কঢ়িয়াই ফুৰা
জীৱনে লʼলে নতুন খোজ ,
প্ৰভাতী  সূৰুয ৰূপে ।
কেতিয়াবা যদি সুখৰ এজাৰ ফুলে ,
কেতিয়াবা আকৌ 
দুখৰ সৰাপাতে দি যায় নতুন গতি জীৱনক ।
জীৱন ৰথৰ চকৰি এইদৰে ঘূৰে ,
যেন সপোন পিয়াসীৰ আঁচলত ধৰি যাত্ৰা
অজান মুলুকলৈ ।
জীৱনৰ অবিৰত যাত্ৰাৰ অক্লান্ত সাৰথি
হৈ ৰয় সময় ।
কিন্তু ,
সময়ৰ তীব্ৰতাত চোন 
জীৱন ৰথৰ চকাও থমকে ।
জীৱন - সময়ৰ এই প্ৰতিযোগিতাত
সময় আগুৱাই যায় ।
তথাপিও ভাগৰি নপৰা এই জীৱনবৃত্ত
চলি থাকে নিৰৱধি নৈৰ সোঁতৰ লেখীয়াকৈ ।।
                 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)