তোমাক সহস্ৰ প্ৰণাম
গীত আৰু সুৰেৰে আত্ম প্ৰকাশ কৰি
অসমৰ পৰা গৈ ভাৰতবৰ্ষ হৈ
সুৰেৰে উৰালা পক্ষী বিশ্বৰ বুকুলৈ।
অসীম দিগন্তৰ সীমা ভেদি
ব্ৰহ্মপুত্ৰ গংগা হৈ ভল্গা টেমচলৈ
তুলিছিলা সুৰৰ লহৰ
চৌদিশ কঁপাইছিলা ব্ৰজকণ্ঠে তুমি,
ভাৰতৰ সৰ্বোচ্চ সন্মানেৰে
ৰাখিছিলা নাম তুমি অসম মাতৃৰ।
প্ৰচণ্ড ধুমুহাৰ কোৱাল গতিত
মুৰ্মূষ জনতাৰ জীৱন য'তিত
সুৰেৰে তুমিয়েই সঞ্চাৰিলা প্ৰাণ
সঞ্জিৱনী সুধা আছিল তোমাৰ গান
সুৰকাৰ, গীতিকাৰ হে সুধাকণ্ঠ
যাৰ কণ্ঠ নিগৰি বয় সমতাৰ মন্ত্ৰ
যাৰ জীৱনৰ দুখবোৰো
হয় যেন মুকুতাৰ মালা
আৰ্তজনৰ বাবে আদৰ্শৰে গঁথা।
গীতেৰেই মালা গাঁথি সোণালী সূতাত
যান্ত্ৰণাই সান্ত্বনা হৈ জোনাকী ভাষাত
সংঘাটো সংগী হয় জীৱন বাটত
নতুন দিগন্তুৰে বাট দেখালা আনক।
হে সুন্দৰৰ পূজাৰী অসম সন্তান
জননীয়ে যুগেযুগে সুঁৱৰিব
তোমাৰ এই চিৰশাশ্বত গান
সুুধাকণ্ঠ তোমাক সহস্ৰ প্ৰণাম।।
◾অমিয়া দেৱী বৰঠাকুৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ