মোৰ বিচনাৰ একোণত
কুমাৰণী এজনীয়ে বাঁহ সাজি
ৰাজৰাণীৰ দৰেই আছিল।
বিচনাৰ কাপোৰ জোঁকাৰি থাকোঁতেই,
কেনেবাকৈ তাইৰ বাঁহটো ভাঙিল।
ব্যৰ্থতাৰ সপোনৰ দুখ ভাগৰ এৰি,
বেচেৰীয়ে আকৌ নকৈ সজাত লাগিল।
মোৰ ঘৰখনো ঠিক তেনেকুৱাই,
নিষ্ঠুৰ কালে পূৰ্ণ ক্ষণত ভাঙি দিয়ে
আকৌ নকৈ সাজো সপোনৰ ঘৰ
সংগ্ৰামী সত্ত্বা ভাগৰিটো পৰা নাই
এনেকৈয়ে চলি আছে জীৱন।।
◾প্ৰাণজিৎ দাস, বাক্সা।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ