ড° অমৰজ্যোতি চৌধুৰী-বসন্ত ওজা

©Admin
0
[আপোনালৈ এই অভাজনৰ কলমৰ
সৃষ্টিৰে এটি উপহাৰ]

"মোৰ লক্ষ্য" কবিতাৰ
মহানায়কৰ প্ৰিয়া
ঊষা চৌধুৰীৰ গৰ্ভত।
ড° অমৰজ্যোতি
চৌধুৰীৰ জন্ম
১৯৫০ চনত।
আজিৰ সমাজত তুমি
প্ৰসিদ্ধ শিক্ষাবিদ
অভিনেতা আবৃত্তিকাৰ
সুধাৰ মহাপ্ৰয়াণত
গান শেষ হ'ল 
কবিতাৰ
সুৰেৰে তুলিলা 
ঝংকাৰ।
লক্ষ্যধৰ ঊষা চৌধুৰীৰ
বৰপুত্ৰ অমৰ তুমি
শিক্ষান্ত পৰীক্ষাত
ৰাখিছিলা নাম।
সমগ্ৰ অসমতে
মেধাৰ পৰিচয় দি
আজুৰি আনিলা
সন্মান।
এতিয়া টঙী ঘৰত
তোমাৰ ষ্ট্ৰীলজি নাটক
ৰূপান্তৰ মই
আত্মজীৱনী।
কবিতাৰ সঙ্কলন
সাজি উলিয়ালা তুমি
“এতিয়া তেজত আৰু
আন একুৰা মেজি"।
কলা সংস্কৃতিটো
উঠিছিলা উজ্বলি
মাক আৰু মৰম
আৰু আমাৰ ঘৰত।
নাট্যকাৰ হিচাপেও
আনিলা প্ৰচণ্ড জোৱাৰ
ৰসাল ভূমি অসমত।
হীনমতি হ'লেও
বিশ্বনাথৰ পৰা
তোমালৈ শত 
নমস্কাৰ।
অকল অসমতে নহয়
বিস্তৃৰ্ণ বসুধাত তোমাৰ
কলমেই হওক
আধাৰ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)