মৃত্যুৰ বিপণি-ৰাতুল চেতিয়া ফুকন

©Admin
0
এতিয়া যেনিয়ে চাওঁ
কেৱল মৃত্যুৰ বিপণি।
কিমান আকৰ্ষণীয় কৈ সজাব পাৰি নৃশংসতা
তাৰ অঘোষিত প্ৰতিযোগিতা।
জল স্থল নভ ক'তো ঠাই নাই
দলে দলে ভাগে ভাগে 
কেৱল মৃত্যুৰ বিপণি।
মানৱতা সহানুভূতি হিয়াভগা কান্দোন
ক্ষেপণাস্ত্ৰই মিহলি কৰে ধূলিৰ লগত।
জুই ঢালি জুই নুমুৱাই
এইয়া যে খাণ্ডৱ দাহৰ অশনি সংকেত।
মৃত্যুৰ পাছত আমাক যিটো গাঁতে সাবটি লয়
এতিয়া জীয়াই থাকিবলৈ 
তেনে একোটা গাঁতৰ প্ৰয়োজন ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)