নাৰী তুমিয়ে এক সৃষ্টিকৰ্তা।
নাৰী তুমিয়ে এক বসুন্ধৰা।।
নাৰী তুমিয়ে এক বিশ্বজগতৰ
একমাত্ৰ আদি আৰু অনন্ত।।
নাৰী তুমিয়ে জীয়াই থকাৰ
এক নিবিড় প্ৰেৰণাৰ সম্বল।
নাৰী তুমিয়ে এক মানৱ সমাজৰ
ধৈয্যৰ পথাৰৰ এক বিশালগিৰি।।
নাৰী তুমিয়ে শক্তিৰ এটি ৰূপ।
নাৰী তুমিয়ে মমতাৰ অপৰূপা।
নাৰী তুমিয়ে জীৱনৰ দাপোন স্বৰূপ।।
নাৰী তুমি এক পুষ্প সদৃশ।
নিজে কাঁইটৰ মাজত আবদ্ধ থাকি,
আনক আনন্দত সদায় ৰাখিব পৰা ।
নাৰী তুমি সদায় মহান ।
নাৰী তুমি সদায় অদ্বিতীয় আৰু
একমাত্ৰ অনন্যা বাহক স্বৰূপ।।
◾নৱজিৎ নাথ।
ছিপাঝাৰ, দৰং
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ