ৰক্ত গোলাপৰ দৰে••দিপশিখা ৰাজকোঁৱৰ

Rinku Rajowar
0
মুকলি আকাশৰ তলত
পখিলী জনী হৈ মৌ চুহিছে
ৰক্ত ৰঙা গোলাপৰ পাহিত
উন্মনা উতনুৱা অভিমানী হৈ।
মেঘৰো যে অভিমান জাগিছে
টোপাল টোপাল কৈ বৰষা সৰিছে
নিজকে যেন বৰষুণজাকত
বিলীন কৰিছে আলফুলীয়া গোলাপপাহিয়ে 
ফুলপাহৰ ভাজে ভাজে এটুপ দুটুপকৈ বৰষাৰ মুকুতা সৰিছে অভিমানীৰ দুহাতত । 
দুচকুৰ পতাত সপোন সিচা ৰঙা গোলাপে পাহৰাই দিছে
হৃদয়ৰ কোণত থকা বিষাদৰ যান্ত্ৰণা
বিষাদৰ টোপালাটো একাষৰীয়া কৰি প্ৰাণখুলি
ৰাংঢালী ৰচকী হৈ হাঁহিছে।
উৰি ফুৰা অচিনাকী চৰাইজনীয়েও
অভিমানীক জুমি জুমি চাইছে
কাৰণ তাইতো জানে অভিমানীৰ কথা
তাইও যে গোলাপৰ দৰে
ফুলকুমলীয়া আলফুলীয়া কলি,
বিষাদবোৰ বুকুত কঢ়িয়াই লৈ ফুৰাৰ বাবেই
তাই মৰহা গোলাপপাহৰ দৰে হৈ পৰিছিল
অভিমানেৰে ভৰা তাইৰো জীৱন ৰক্ত গোলাপৰ দৰে।

✍️দিপশিখা ৰাজকোঁৱৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)