জীৱন সংগ্ৰাম - মৰমী আহমেদ

©Admin
0
কোনে অনুভৱ কৰিব পাৰিব ?
মোৰ এই সংগ্ৰামৰ কাহিনী 
কোনে বুজিবলৈ চেষ্টা কৰিব ?
কেনেকৈ মেলিছিলো মই জীৱনৰ পাতনি 
বুজিবলৈ চেষ্টা কৰিব জানোঁ কোনোবাই 
জীৱনত হৈ যোৱা মোৰ নানা আলৈ আথানি,
নোৱাৰে ,কোনেও আৰু কেতিয়াও নোৱাৰে মোৰ জীৱন আৰু অতীতৰ 
চৰম বিপৰ্যয়ৰ কাহিনীটি বুজিবলৈ 
অত বছৰে কেনেকৈ চলাই আহিছোঁ মই 
মোৰ এই সপোনৰ ঘৰখনি 
কিদৰে পাৰ কৰি আহিছোঁ 
অতীতৰ সেই দুখ লগা সময়খিনি,
সৰুতে দেউতাক হেৰুওৱা বেদনাক পাহৰি 
লৈছিলোঁ দিন হাজিৰাটোকে বৃত্তি কৰি,
ইফালে দেউতাৰ সম্পত্তি বুলিবলৈ থকা
খেতি মাটি খিনিও ৰাখি আহিছোঁ সযতনে মুঠি 
তাৰ মাজতে ইহঁত কেইটাক পঢ়া শুনা কৰাই 
দিলোঁ একো একোটা সুকীয়া চিনাকি,
বুজিলে নে মোৰ জীৱন সংগ্ৰামৰ জটিল কাহিনী কি ?  
দেখিলে নে ইমান বছৰে কৰি অহা 
মোৰ সংগ্ৰামৰ এখনি জীয়া ছবি ,,,।

                  ✍️ মৰমী আহমেদ 
                          নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)