অভিমানী বৰষুণজাক ( খণ্ড -১১) দিপশিখা ৰাজকোঁৱৰ

©Admin
0
শিখাই বেমাৰৰ সৈতে যুঁজি যুঁজি কেতিয়াও ভাগৰা নাছিল।কাৰণ তাইৰ লগত তাইৰ আপোন মানুহবোৰ সদায়ে আছিল। তেওঁলোকৰ সাহসে তাইক জীয়াই থকাৰ প্ৰেৰণা দিছিল।হয়তো তাই কেতিয়াবাই সময়ৰ ওচৰত হাৰ মানিব পাৰিলেহেঁতেন।
কিন্তু তেওঁলোকৰ মৰমে তাইক সেয়া হ'বলৈ দিয়া নাই।শিখাক অপাৰেশ্যন কৰিবলৈ লৈ যোৱা বহু ঘণ্টাই হৈ গ'ল।বাহিৰত সকলোৱে ডক্টৰ ওলাই অহালৈ অপেক্ষা কৰি আছে।
•••••• মা ৰ'বাচোন অধৈৰ্য নহ'বা আৰু অলপ সময় ৰোৱা।
•••••• আপুনি ইয়াতে বহি লওক খুড়ী। শিখা ভাল হ'ব। আমাৰ প্ৰাৰ্থনা ভগৱানে শুনিব।
•••••• উম বিশ্বাস ৰাখা মা....

মাকক শান্তনা দিছে যদিও শিখাৰ বায়েকেও কিমান কষ্টত আছে সেয়া তাই কাকোৱেই জানিবলৈ দিয়া নাই।তাইও যদি মাকৰ দৰে দুখ কৰে হ'ব জানো।শিখা তাইৰ বৰ মৰমৰ।মাক বায়েকৰ হিয়াৰ আমঠু তাই।সৰুৰে পৰা তাই বৰ আলসুৱা। কিন্তু এতিয়া.... তাই ইমান কষ্ট পাইছে! সেয়া জানো তেওঁলোকে সহ্য কৰিব পাৰিব।
•••••• ইমান সময় হ'ল ডক্টৰ ওলাই অহা নাই যে....!
••••• মোক আৰু জীৱনত একোৱেই নালাগে দাদা। মোক মোৰ ভণ্টিক আগৰ দৰে ঘূৰাই লাগে। ভণ্টিক ভাল কৰি দিব কোৱানা। ভণ্টি.... ভণ্টিক ভাল কৰি দিব কোৱা....!
•••••• মাইনু ভাল হ'ব শিখা। নাকান্দিবি তই ।চাচোন মালৈ , তেওঁৰ মুখখনলৈ চা।
•••••• মই নোৱাৰিছোঁ বৰমা।কিয় জানো বুকুৰ ঢপঢপনি বাঢ়িব ধৰিছে।বৰ ভয় লাগিছে।
       তেওঁলোকক হস্পিটেলৰ সকলো মানুহে ঘূৰি ঘূৰি চাইছে। কোনোবাই ওচৰলৈ আহি কি হৈছে সুধিছে।আন কোনোবাই শান্তনা দি গুছি গৈছে।আন কোনোবাই দূৰৰ পৰাই তেওঁলোকক চাই দুখ প্ৰকাশ কৰিছে। তেনেকৈ তেওঁলোক বহি থাকোঁতে ডক্টৰ ওলাই আহিল। মাক আৰু বায়েক দৌৰি গ'ল।
••••• ড.... ডক্টৰ.... ছা..... ছাৰ.... ভণ্টি....!
••••• মাজনী..... ডক্টৰ....!
•••••• চিন্তা কৰিবলগীয়া কোনো কথা নাই।তাইৰ অপাৰেশ্যন সফলভাৱে হৈ গ'ল। কিন্তু....
•••••• কিন্তু কি ডক্টৰ..?
•••••• তাই এতিয়া ভালকৈ সুস্থ হৈ উঠিবলৈ সময় লাগিব।
••••••• তাইৰ ওচৰলৈ যাব পাৰিমনে?
•••••• যাওঁক কিন্তু তাত ভিৰ নকৰিব ।
           তেওঁলোকে এতিয়াহে অকণমান হাঁহিছে আৰু কান্দিছে। কিন্তু এয়া সুখৰ কান্দোন।শিখাৰ অপাৰেশ্যন সফলভাৱে হৈ গ'ল তাতকৈ আৰু সুখৰ কথা কি হ'ব পাৰে তেওঁলোকৰ বাবে। সকলো শিখাৰ ওচৰলৈ সোমাই গ'ল।

আগলৈ.......

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)