আধৰুৱা প্ৰেম কাহিনী-মিন্টু গোৱলা

©Admin
0
বেলকনিৰ পৰা ৰৈ ওচৰৰ গলিতোলৈ চাই ৰʼলো, দেখি পালোঁ এজনী সুন্দৰী যিয়ে সাঁজি- কাঁচি কাৰোবালৈ বাট চাই আছে । ময়ো তাইৰ চকুলৈ চাই মিচিকিয়া হাঁহি এটি মাৰি মই ভিতৰতলৈ সোমাই আহিলো।
তাই আমাৰ ওচৰৰ গলিতোতেই থাকে।তাই প্ৰায় আবেলি সময়কণত গলিতোৰ কাষতেই ৰৈ থাকে।ভাৱিলে ভাৱ হয় ,যেন কাৰোবাৰ বাবে ৰৈ আছে ।
কিন্তু মোৰ বাবে এনে ভাৱ নহয় ।কাৰণ মই সদায় তাইক দেখি থাকোঁ । তাই কাৰোবাবে বাট চাই নাথাকে। তাই কেৱল বাট চাই ৰৈ নিজৰ মানুহজনলৈ 
আনে সৈতো ভাবিব পাৰে যে , তাই সদায়ে কাৰোবালৈ বাট চাই থাকে বুলি।
গলিতোৰ পৰিবেশতো বৰ ভাল । আবেলি সময়কণত গলিতোৰ দৃশ্যটো আৰু সুন্দৰ হৈ উঠে। আবেলি মৃদু বতাহ জাকে দেহ ,মন বোৰ সতেজ কৰি তুলিলে।দিনতো কামৰ পৰা ভাগৰ ভাগৰ যেন লগা দেহতোক আবেলি সময়কণত অলপ সতেজ কৰি তুলিবলৈ । সকলোৱে বহি নানা ধৰণৰ কথা পাতি মনতো সতেজ কৰি তুলো বুলি ,বেলিকণিতোৰ ওচৰত গৈ থিয় দিওঁ।
সেই সময়কণতেই তাইও আহি, গলিতোৰ কাষতেই ৰৈ বাটৰ মানুহ বোৰ লৈ চাই ।
ময়ো তাইলৈ চাই এষাৰ -দুষাৰ কথা পাতো।
তাইও মোৰ লগত কথা পাতিছিল। কিন্তু মনৰ অনুভৱ বোৰ এদিন যে ইমান তলতীয়া হৈ যাব ভাৱাই নাছিলোঁ।মোৰ মনত ভাৱি লৈছিল ,যে জীৱন নৈৰ লগত বৈ যাবলৈ।তেওঁকেই সংগী কৰোঁ নি?
মনৰ ভিতৰত বহু প্ৰশ্নই আধা হৈ পৰি আছে । কিন্তু আজিও ক'ব লৈ বুকুত সাহস নাই ।
কোনোবাই কʼয় যে - বাহিৰতো দেখিবলৈ বৰ ভাল কিন্তু ভিতৰত চোৱাত বহুত বেয়া গুণ থাকে।
এই কথাষাৰক মই আখৰেৰে পালন কৰি আজিও ক'ব পৰা নাই ।মনৰ কথা ক'লে যদি লাগে জগৰ 
কি হ'ব ?জীৱন , মোৰ দুই নাঁও দুভৰি হ'ব ।
তাই সৈতে কথাবোৰ খুলি কʼবৰ মনৰ কিন্তু সময়হে নিমিলে। সেই বাবেই নিমিলা অংকত হাত নিদিয়াই ভাল হ'ব ।
সিদিনা আবেলি সময় ময়ো বজাৰলৈ উলিয়াই গৈছিলোঁ। তাতেই তাইক লগ পালোঁ।মই বজাৰ কাষতেই ৰৈ মানুহবোৰলৈ চাই আছিলোঁ।
মই গম নোপোৱাকৈ তাই মোৰ কাষত আহি মোক জোৰকৈ ঠেলা মাৰি চিঞৰি কʼলে -
: দাদা কি কৰিছে ?
: বজাৰ কৰিব আহিছোঁ।তুমি ইয়াত কি কৰিছা যে ?
: মই পাচলি কেইটামান ল'বলৈ আহিছিলোঁ। হঠাৎ আপোনাক দেখা পালোঁ। মই ভাবিলো অলপ কথা পাতি লওঁ , বাইহেঁতে বজাৰ কৰালৈ।
:অ , ভাল কৰিলা দিয়া।
  তাই লগত ভালকৈ চিনাকীতো হʼলো। কিন্তু মনৰ কথাতো কʼবলৈ সুযোগ নাপালোঁ।
তাই মোক এটাই সুধিলে যে -
  :আপুনি ইয়াত থকা কিমান দিন হ'ল?
মই মিচিকিয়াই হাঁহি কʼলো -
       : ইয়াত থকা মোৰ তিনি বছৰ হ'ল ।
তাই মোৰ মুখলৈ চাই কʼলে-
 : বাহ! ইমান দিনে কেনেকৈ থাকিলে?
: থাকিলো আৰু নিজৰ সপোনবোৰ পুৰন কৰিবলৈ ।
তুমি যে সিদিনা গলিতো ৰৈ কি চাই আছিলা নো?
তাই কওঁ নকওঁকে ক'লে - মোৰ লগৰ জন লৈ বাট চাই আছিলোঁ।
মই ক'লো-যে লগৰ এজনী নে? লগৰ জন ?
তাই মোৰ উওৰ নিদিয়াকৈ হাঁহি মাৰি ক'লে 
: হ'ব বেলেগ দিন কথা পাতিম ।
মোৰ মনত সন্দেহ হ'ল যে , লগৰ জন মানে তাইৰ কোনো বা আছে ।মোৰ মনৰ কথাবোৰ একেবাৰে মনতেই মৰহি গʼল ।সিদিনাৰ পৰা তাইৰ লগত দেখা পালেওঁ মই কথা নাপাতোঁ।
           বেলকনিত অকলে বহি গলিতোৰ ফালে চাই আছিলোঁ। হঠাৎ তাইক দেখা পালোঁ । এজন লʼৰা লগত হাতত ধৰিলৈ নিজৰ ৰুমলৈ আহিছে।মোৰ মনত আকৌ এটা প্ৰশ্নই মোৰ বুকুত খুন্দা মাৰিল । প্ৰশ্নটোৱে মোক দিনে নিশাই ভাবুকি দিছিল।
মনতো ভাবিছিল যে এই প্ৰশ্নটোৰ উত্তৰ তাইৰ মুখৰ পৰা সুধি লওঁ বুলি ।মনৰ কথাবোৰ ওঁঠত সামৰি থৈছোঁ।
           তাইক দেখাৰ পৰা মোৰ মনতো এনেকুৱা হৈছিল। যেন স্বৰ্গৰ পৰি জনী খহি পৰিছে।মোৰো মনত আশাৰ বীজ ৰোপিত কৰি তাইৰ বুকুৰ আপোন হ'বলৈ গৈছিলোঁ। কিন্তু কি কৰিবা ? দিন বেয়া হ'ল ।ভৱা কথাতো নহ'ল ।আধা কলি মেলোতেই ফুল পাহি মৰহি গ'ল।আনৰ পুখুৰীত যদি তুমি গৈ ঘুলা কৰিলে , জানো মাছ খাব পাৰিব নি ? কেতিয়াও নোৱাৰি কাৰণ পুখুৰীৰ মালিক জনেহে পাব ।
ঠিক তেনেদৰে হ'ল তাইও আনৰ হয় । কিন্তু তুমি তাইক জোৰ কৰি জানো তোমাৰ কৰিব পাৰিবা ?
নোৱাৰি আৰু তাই আহিব ও নোৱাৰে। কেনেকৈ আহিব আপোনাজন এৰি ।তাই কাকো দোষ দিব নোৱাৰে। আনকি কষ্ট দিলোঁ নোৱাৰে।
             কথাবোৰ মই ভাবিলো। আধৰুৱা প্ৰেমৰ বাবে নিজৰ জীৱনটো ধ্বংস কৰিব গৈছিলোঁ।সময়ে আজি বুজালে । জীৱনত যি আছে তাতেই তুমি সন্তুষ্ট হোৱা, নহ'লে যি আছে তাকো হেৰুৱাব লগা হ'ব ।
তথাপিও মনৰ প্ৰশ্নটোৰ উত্তৰ বিচাৰি তাইৰ কাষ চাপিলো । সিদিনা আছিল নিজান নিস্তব্ধ দুপৰীয়াত তাই আৰু মই অকলে বহি সেই প্ৰশ্নটোৰ উত্তৰ সুধিবলে চেষ্টা কৰিছোঁ।
মই কʼবলৈ চেষ্টা কৰিছোঁ।
: পিছে তুমি যে সিদিনা ল'ৰা এজনক হাতত ধৰি ৰুমলৈ গৈছিলা যে ।
তাই কʼলে-
: মোৰ সেই এজন প্ৰেমিক হয় ।আজি চাৰি বছৰ ধৰি তাৰ লগত সম্পৰ্কত আছোঁ। কিন্তু আমাৰ ঘৰৰ মানুহে তাক ভাল নাপায়। সেই বাবেই আমি দুয়ো ঘৰৰ পৰা বাহিৰলৈ আহিলো।নাহিলো হেঁতেন কিন্তু কি কৰিব ?
না মই তাক এৰিব পাৰোঁ,না ঘৰৰ কথা মানিব পাৰোঁ ।
উপায় বিহীন হৈ পৰাত আমি ইয়ালৈ আহিলো।
ময়ো সিহঁতৰ লগত খোজ দি কʼলো -
: অ! সঁচা প্ৰেম আৰু দুজনৰ ওপৰত থকা ভৰসাই আজি প্ৰেমক সফলতা কৰিছে।তোমালোক সুখী হোৱা ।তাৰে কামনা কৰোঁ।
  মই নিস্তব্ধ হৈ আঁতৰি আহি ,অলপ ভাবিলো। এনে দৰে যদি মোকো এজনী ভগৱানে দিলেহেঁতেন।ময়ো সুখত থাকিলো হেঁতেন আৰু মনত ভৱা কথাবোৰ পুৰণি হ'ল হেঁতেন।মোৰতো থাকিওঁ নথকাৰ দৰে হৈ আধৰুৱা প্ৰেমৰ কাহিনী হৈ আছে।
মনৰ কথাবোৰ মনতে আশা হৈ থাকিল।সপোনবোৰো সপোন হৈ ৰʼল। সেই বাবেই কʼয় -বেছি আশা কৰিলে, এদিন নিৰাশাত ভুগিব লগা হয়।ময়ো তাৰে উদাহৰণ হয় ।
       

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)