মই এটুকুৰা ওলমি ৰোৱা মাংস
সময়ে বখলীয়াই নিয়া শিলৰ কুণ্ড,
গিৰ্জনি মৰা হাঁহিৰ স:শব্দত
পঙ্গু শিলৰ মূৰ্ত্তিৰ সন্ধানত
মুখ মেলি লৈ লওঁ দীঘল উশাহ।
নিশাৰ কামিনীকুসুমৰ গোন্ধত
এবাৰ চেলেকিব মন যায়
দেহৰ ৰক্তৰ কিমান সোৱাদ।
মুখ বান্ধি ঘূৰি ফুৰা
মনৰ গৰাকীৰ জাকত
মই এটা বদনামী শগুন,
মৰাশ বিচাৰি হাবাথুৰি খায়ো
জীয়া দেহৰ লালসাত
ওঁঠৰ পানী নিগৰা ভোকৰ বান্ধোন।
এজাক বলিয়া কুকুৰৰ দৰে
ৰাতি ৰাজপথত বিচৰণ কৰি,
বিচাৰি ফুৰোঁ কুমলীয়া ফুলৰ গোন্ধ
নদীয়ে খান্দি নিয়া পথৰ দাঁতিত।
জীৱন কৰায়ত্ত কৰি
হৃদয় লকাপত বন্দী ,
মুক্ত বিচৰণকাৰী মই
আকাশী পক্ষী।
জীৱনৰ বেলা সাক্ষী।
জ্যোতিস্মিতা বৰা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ