জীৱনৰ পৃষ্ঠাবোৰ - চেমিমা চুলতানা

©Admin
0
 কিতাপখনৰ বিশৃংখলিত পৃষ্ঠাবোৰলৈ চাই
মনতো অস্থীৰ সাগৰখনত ককবকাই,
হেঁচা মাৰে বুকুত হাজাৰ ভাৱনাই,
এক অবুজন আবেগে।
মনতো হৈ উঠে অস্থিৰ,
অস্থিৰ মনতোৰ পৰা
প্ৰশ্ন আহে নিজলৈ,
পাৰিম নে সেই পৃষ্ঠাবোৰ 
ফালি পেলাবলৈ?

পৃষ্ঠাবোৰ লুটিয়াই 
অতীতলৈ ঘূৰি চাই
মনত পৰে সঘনাই 
পৃষ্ঠাবোৰ যে এদিন 
লিখিছিলোঁ নিজেই!

অস্থিৰ মনতোক স্থিৰ কৰি,
আন এটি পৃষ্ঠাত লিখি যাও 
জীৱনৰ আন এক
নতুন কাহিনী।

      ✍️চেমিমা চুলতানা
            মৰিগাঁও, অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)