সপোন ৰচিবলৈ
সপোন যাচিবলৈ
আঙুলিত বীজমন্ত্ৰ লৈ
শিপিনীয়ে টোলোঠা ঘূৰাই ।।
হেঁপাহৰ দীঘবাণীয়ে
মুখত হাঁহি বিৰিঙাই
সপোনে টোপনি হেৰুৱাই
চিন্তন বীক্ষণ
তাত লিপিবদ্ধ হয় ।।
ৰং বিৰঙৰ অভিজ্ঞতাই
টোলোঠা চিকুণ কৰে
হিয়াখন দিবলৈ
হিয়াখন ল'বলৈ। ।।
✍️ হেমেন হাজৰিকা
ৰাণী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ