ঘৰচিৰিকা - চন্দন ভূঞাঁ

©Admin
0

ভনী ঘৰচিৰিকা ঘৰচিৰিকা ভনী 
ক'ত নো যোৱা 
ঘনে ঘন ডেউকা মেলি।
ভঁৰালৰ চাৰিবেৰ চাৰি সীমা 
কণজহা সোণ গুটিৰে ভৰা।।
 চিৰিক চিৰিক শব্দৰে 
এবাৰ দিয়াহি দেখা,
কণমানি পোনাকণে 
আছে ফেকুৰিয়াই ।
কি দিন কি ৰাতি 
এৰিছে ভাত পানী।।
অকণিয়ে পাৰিছে আম কঁঠাল 
মইনাই বোলে খাম,
 ঘৰচিৰিকা ভনী ক'ত নো আছা 
এবাৰ দিয়াহি মাত।
ডেউকাৰ ভাজত আছে লুকাই 
জীৱনৰ শেষ ভৰষা,
আপোন পৰিচয় দুবাৰ নহয় 
এবাৰ হে লোৱা।।

           ✍️ শ্ৰী চন্দন ভূঞাঁ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)